পুনৰবাৰ অসম আৰক্ষীত ৰদ-বদল

ডিজিটেল ডেস্ক,১৪ চেপ্টেম্বৰঃ ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ গৃহবিভাগে আৰক্ষী বিভাগত এক ব্যপক ৰদ বদলত অনুমোদন জনায়৷এই ৰদ-বদল মতে এপিএছ বিষয়া কুলেন্দ্র নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷ এপিএছ বিষয়া অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়৷এপিএছ বিষয়া লৱ কুমাৰ ডেকাক চিৰাঙৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া মৃদুল বৰুৱাক গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া আব্দুল ৰচিদক বৰমণিপুৰ মৰিগাঁও উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া জিয়াউৰ ৰহমানক গুৱাহাটীৰ চি আই ডি শাখাৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷