newsnextone.com| নলবাৰীঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নলবাৰী শ্বহীদ ভৱনৰ পৰা এক বিশাল সমদল কৰি মূল্যবৃদ্ধি ৰোধ কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, বি.জে.পি হায় হায়, যোগান মন্ত্রী হায় হায়, মোদী চৰকাৰ হুচিয়াৰ, সোণোৱাল চৰকাৰ হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰিব নোবাৰা পেট্ৰলিয়াম মন্ত্রী হায় হায়, আদি ধ্বনিৰে চহৰ উত্তাল কৰি তোলে৷ সমদলটো পি.এন.চি পথ হৈ বৰুৱা ৰোড জৈন মন্দৰ চকৰে বাটাৰ চকহৈ জিলা উপায়ুক্তৰ কাৰ্য্যলয়ত বিক্ষোভ প্ৰদৰ্শন কৰে বিক্ষোভ স্থলিত সদৌ অসম ছাত্ৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনে৷ 

কাৰণ এনে জনবিৰোধী সিদ্ধান্ত চৰকাৰে শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনায়৷ কেন্দ্ৰীয় ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য ভৱজিত বেজবৰুৱা, নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা সদৌ জিলা ছাত্ৰ সন্থাৰ সভাপত গুণজ্যোতি পাঠক সাধাৰণ সম্পাদক অক্ষয় ডেকা স্বাক্ষৰিত দাবী পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্রীলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হয়৷