newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ অধ্যক্ষ নীতিশ কুমাৰে দেওবাৰে দিল্লীত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী বৈঠকত অংশ ল’ব৷ তেওঁ আগন্তক বিধানসভা আৰু লোকসভা নিৰ্বাচন সহ আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত জেডিইউৰ স্থিতি স্পষ্ট কৰিব বুলি চৰ্চা চলিছে৷
বিজেপিৰ সৈতে আসন ভাগ বতোৱাৰা কৰাৰ লৈ মতভেদ সৃষ্টি হোৱাৰ সময়তে নীতিশ কুমাৰ আৰু তেওঁৰ দল জেডিএউৰ এই বৈঠকখন গুৰুত্বপূৰ্ণ হ’ব বুলি অনুমান কৰা হৈছে৷ জেডিইউৰ সূত্ৰই জনোৱা মতে, নীতিশ কুমাৰক দলৰ হিতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু এনডিএ মিত্ৰজোটত বাহাল ৰাখিবলৈ পূৰ্বেই এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে৷