মেঘালয়ঃ নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে মেঘালয়ত ঘটিল অঘটন। দুৰ্বৃত্তই আইইডি আক্ৰমণ কৰি হত্যা কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জনাথান চাংমাইক। কেন্ত্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইষ্ট গাৰো হিলচৰ চংচেং সমষ্টি প্ৰচাৰ চলাব অহাৰ এটা দিন পুৰ্বে ঘটিল এই অপ্ৰত্যাশিত ঘটনা।
 
গৃহমন্ত্ৰীগৰাকীয়ে সভা অনুষ্ঠিত কৰিব লগা সমষ্টিটোৰ পৰা ৩০ কিলোমিটাৰ দুৰৈৰ উইলিয়ামনগৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জনাথান চাংমাই দুগৰাকী সুৰক্ষা বিষয়াৰ সৈতে স্কৰপিঅ’ এখনত সমান্দা চবক ৰে গাঁৱত ভ্ৰমণ কৰি থকা অৱস্থাতে আইইডি আক্ৰমণৰ সমুখীন হয়। 

ঘটনাত সুৰক্ষা কৰ্মী দুজনকে ধৰি প্ৰাৰ্থীজনৰ মৃত্যু ঘটে। ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এই অঘটন ঘটে। তাৎপৰ্যপুৰ্ণ যে ২০১৩ চনত সেই একেটা সমষ্টিৰ পৰা থিয় দিয়া প্ৰাৰ্থী দেবৰাহ মাৰাকৰ বিৰুদ্ধে জিএনএলএৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আনি এজাহাৰ দাখিল কৰিছিল জনাথানে। 

জিএনএলএৰ জৰিয়তে জনাথানৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি অভিযোগত উল্লেখ কৰিছিল এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থীজনে। জনাথানক ভোট দিলে পৰিণতি ভাল নহ’ব বুলি উইলিয়ামনগৰৰ গাঁওবোৰত অজ্ঞাত লোকে পোষ্টাৰ মৰা পৰিলক্ষিত হোৱাটোও তাৎপৰ্যপুৰ্ণ।