কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰীক আজি এগৰাকী অটো চালকে অটোৰ ভিতৰতে অশালীন ব্যৱহাৰ কৰাৰ পৰিণতিত অটোচালকগৰাকী গণপ্ৰহাৰৰ সন্মুখীন হয়।
বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি গণপ্ৰহাৰত মুমুৰ্ষ হৈ পৰা অটোচালকজনক ঘোঁৰামাৰাৰ আনোৱাৰ হুছেইন (২৫) বুলি চিনাক্ত কৰা হৈছে। পিছত আৰক্ষীয়ে অটোচালকজনক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত এক গোচৰো ৰজু কৰে।
প্ৰাপ্ত বাতৰি মতে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰীয়ে আজি চতুৰ্থ ষাষ্মাষিক পৰীক্ষা দিয়াৰ উদ্দেশ্যেৰে কোকৰাঝাৰ সদৰ চহৰৰ পৰা অটোৰে বড়োলেণ্ড বিশ্ববিদ্যালয় অভিমুখে আহি আছিল।
অটোৰ আন যাত্ৰীসকল আধা ৰাস্তাতে নামি যোৱাত অটোচালকে অকলশৰীয়া ছাত্ৰীগৰাকীক অটোৰ ভিতৰতে অশালীন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। তেনেকৈয়ে অটোখন বিশ্ববিদ্যালয়ৰ সন্মুখ আহি পোৱাত ছাত্ৰীগৰাকী অটোৰ পৰা নামি খঙতে অটোচালকক লপা-থপা দিয়া আৰম্ভ কৰে।
বিশ্ববিদ্যালয়ৰ ছাত্ৰী এগৰাকীয়ে অটোচালকক লপা-থপা দিয়া প্ৰত্যক্ষ কৰি মুহুৰ্ততে বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰকে ধৰি একাংশ স্থানীয় জনতা ঘটনাস্থলীত গোট খায় আৰু প্ৰকৃত ঘটনাৰ বিষয়ে অৱগত হৈ অটোচালকজনক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।
পিছত ঘটনাস্থলীত বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ কোচ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অটোচালকগৰাকীক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে আৰু অটোচালক আনোৱাৰ হুছেইনৰ বিৰুদ্ধে এক গোচৰো ৰজু কৰিছে। একাংশ লোকে গণ প্ৰহাৰৰ সন্মুখীন হোৱা লোকজনে মাজে মাজে ৰাজমিস্ত্ৰীৰ কামো কৰে বুলি জানিবলৈ দিছে।