newsnextone.com | বোকাজানঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে ২০১৮ বৰ্ষৰ ‘সু-সংগঠক’ বঁটা প্ৰদান কৰিব কাৰ্বি আংলং জিলাৰ ডিফুৰ সাবিত্ৰী গগৈত৷ লেখিকা সমাৰোহ সমিতিয়ে প্ৰতি বছৰে নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰি আহিছে৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে চলিত বৰ্ষৰ সু-সংগঠক বঁটাৰ বাবে নিৰ্বাচিত কৰা ডিফুৰ লেখিকা সাৱিত্ৰী গগৈ বৰ্তমান কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আৰু কেন্দ্ৰীয় উপ-সভানেত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ 

পাৰ্বত্য জিলাত ১৯৮৮ চনত ডিফু লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰূপে সাংগঠনিক দ্বায়িত্ব পালন কৰি অহা ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক আৰু বালিকা দুয়োখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সাবিত্ৰী গগৈয়ে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সাংগঠনিক সম্পাদিকা (১৯৯১-৯৫), যুটীয়া সম্পাদিকা (১৯৯৬-৯৭), সহকাৰী সম্পাদিকা (২০০৮-০৯), কৰ্ণধাৰ সমিতিৰ সদস্যা (১৯৯১-৯২ আৰু ২০১২-১৩), পত্ৰিকা সম্পাদিকা (২০১২-১৩) আদি পদত কাৰ্যনিৰ্বাহ কৰি লেখিকা সমাৰোহ সমিতিৰ জড়িয়তে সাহিত্য ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে৷ 

মিৰদান, গল্প তৰংগ, বিকশিত সুবাস, কবিতা কৰণি আদি ৬ খন কবিতা, গল্প, প্ৰবন্ধ পুথিৰ সম্পাদনাৰ সৈতে জড়িত সাবিত্ৰী গগৈয়ে লেখিকা সমাৰোহ সমিতিৰ প্ৰায় ৬-৭ খন আলোচনী সম্পাদনা কৰিছে৷ ডিফু লেখিকা সমাৰোহ সমিতিয়ে ২০১৫ চনত ‘প্ৰেৰণাময়ী’ উপাধি প্ৰদান কৰা সাবিত্ৰী গগৈক সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে অহা ৩ জুনত তেজপুৰস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এই ‘সু-সংগঠক’ বঁটা প্ৰদান কৰিব৷ আনহাতে ২ জুনত স্থানতে অনুষ্ঠিত হ’ব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক৷