ডিজিটেল ডেস্কঃ দেশৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ বেংক পাঞ্জাৱ নেচনেল বেংকৰ শেহতীয়াকৈ উন্মোচিত হোৱা বিত্তীয় অনিয়মৰ পিছতেই এইবাৰ পোহৰলৈ আহিছে এক্সিচ বেংকত সংঘটিত হোৱা ৪০০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰী। টাইমচ অফ ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি বেংকৰ বিত্তীয় অনিয়মৰ অনুসন্ধানৰ সময়ত মুম্বাই আৰক্ষীয়ে পাৰেখ এলুমিনিয়াম লিমিটেড চমুকৈ পাল নামৰ কোম্পানী এটাৰ তিনি গৰাকী পৰিচালকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ ভাষ্যমতে কোম্পানীটোৰ নামত প্ৰায় ৪ হাজাৰ কোটি টকাৰ লেনদেনৰ অনিয়মৰ দাবী কৰিছে ঋণদাতাই। 

উল্লেখ্য যে কিছুদিন পূৰ্বে পাল কোম্পানীটোৰ বিৰুদ্ধে এক্সিচ বেংকে ২৫০ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ দাখিল কৰিছিল। সেই সূত্ৰেই অনুসন্ধানমৰ্মে মুম্বাই আৰক্ষীয়ে পাল কোম্পানীৰ পৰিচালক ভনভাৰালাল ভাণ্ডাৰী, প্ৰেমল গোৰাগান্ধী আৰু কমলেশ কানুগুৱক গ্ৰেপ্তাৰ কৰে। 

পিএনবিৰ দৰেই একেই ফৰ্মুলাত এই কেলেংকাৰী হোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। কেলেংকাৰীটোত বেংক কৰ্মচাৰীৰ হাত থকা বুলি আৰক্ষীয়ে সন্দেশ প্ৰকাশ কৰিছে। নথি-পত্ৰৰ অবিহনে কোটি টকাৰ ঋণ বেংকৰ পৰা অনায়াসে কোম্পানীটোৱে আদায় কৰালৈ চাই আৰক্ষীয়ে এই কেলেংকাৰী পিএনবি কেলেংকাৰীৰ কায়দাৰেই হোৱা বুলি সন্দেহ ব্যক্ত কৰিছে।  

কেৱল এক্সিছ বেংকেই নহয়, মুঠ ২০ টা বিত্তীয় প্ৰতিস্থানৰ পৰা বিত্তীয় অনিয়মৰ দাবী উত্থাপিত হৈছে কোম্পানীটোৰ বিৰুদ্ধে। উল্লেখ্য যে ইতিমধ্যে ভাৰতীয় ষ্টেট বেংক আৰু ইণ্ডিয়ান অভাৰচিজ বেংকৰ অভিযোগৰ ভিত্তিত কোম্পানীটোৰ ওপৰত চিবিআইয়ে বিত্তীয় অনিয়মৰ তদন্ত অব্যাহত ৰাখিছে। ঋণ দিয়া বেংককেইটাৰ অভিযোগ মতে কোম্পানীটোলৈ দিয়া ঋণ ৰিয়েল ইষ্টেট ডেভলপা