ডিজিটেল ডেস্কঃ গান্ধী হত্যাতকৈও বেছি গুৰুতৰ বাবৰী মছজিদ ধ্বংসৰ ঘটনা৷ বাবৰী মছজিদ ধ্বংসৰ তুলনা মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰা কাণ্ডৰ তুলনা নহয়৷ এআইএমআইএমৰ নেতা তথা হায়দৰাবাদ লোকসভাৰ সদস্য আছাউদ্দিন ওৱেছিয়ে বুধবাৰে টুইটাৰত কৰিছে এই মন্তব্য৷ বাবৰী মছজিদ ধ্বংসৰ ঘটনাৰ ২৪ বছৰৰ পিছতো বিচাৰ সম্পুৰ্ণ নোহোৱাটো পৰিতাপৰ কথা বুলি উল্লেখ কৰে৷
ওৱেছিয়ে কয় যে ‘এইটো সমগ্ৰ দেশৰ বাবে লাজৰ কথা যে উক্ত গোচৰত অভিযুক্ত লোকসকলেই দেশ শাসন কৰি আছে৷ মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ বিচাৰ ২ বছৰতে সম্ভৱ হৈছিল৷ কিন্তু সেই ঘটনাতকৈও বেছি গম্ভীৰ বাবৰী মছজিদৰ বিচাৰ আজিকোপতি সম্পন্ন নহ’ল৷’