ডিজিটেল ডেস্কঃ তৃণমূল কগ্ৰেছ দল এৰাৰ দুমাহ পিছত বৃহস্পতিবাৰে ভাৰতীয় জাতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটীয়াই তেওঁৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰে। 'হামৰো চিক্কিম’ নামৰ বাইচুঙৰ এই নতুন ৰাজনৈতিক দলটোৰে গৃহৰাজ্যখনত দুৰ্নীতি মষিমুৰ কৰাৰ লগতে নিবনুৱা সমস্যা সমাধান কৰাত অগ্ৰাধিকাৰ দিব বুলি নতুন দিল্লীত এক সংবাদমেলযোগে বাইচুং ভুটীয়াই অংগীকাৰ কৰে। এই ঘোষণাৰ লগে লগে ভুটীয়াৰ সমৰ্থকৰ লগতে অনুৰাগীসকলৰ মাজত উল্লাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। 

২০ বছৰৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত গঢ়া নিজৰ ভাৱমূৰ্ত্তি ৰাজনৈতিক লাভালাভৰ অংকৰ কাৰণে কোনো কাৰণতে ম্লান পৰিবলৈ নিদিও বুলি ৰাইজক প্ৰতিশ্ৰুতি দি বাইচুং ভূটীয়াই কয় যে ৰাজনীতিৰ কদৰ্যময় হৈ পৰা পৰিৱেশ নিকা কৰি তুলিবলৈ ভাল মানুহ ৰাজনীতিলৈ অহাটো অপৰিহাৰ্য হৈ পৰিছে। চিক্কিমৰ বিকাশেই হামৰো চিক্কিমৰ মূলমন্ত্ৰ হ’ব বুলি ৩ বজাত নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলখনত স্পষ্ট কৰি দিয়ে বাইচুঙে।   

২০১৪ চনৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ দাৰ্জিলিঙৰ প্ৰাৰ্থী হিচাপে থিয় দি প্ৰথমবাৰৰ বাবে ৰাজনীতিত ভৰি দি বিফলতাৰ মুখ দেখিছিল তাৰকা ফুটবলাৰজনে। 

তৃণমূল কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত  গোৰ্খালেণ্ডৰ দাবীত দাৰ্জিলিঙত প্ৰতিবাদ চলি থকাৰ মাজতে বাইচুং ভুটীয়াক এক বিকল্প হিচাপে চিকিমৰ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছিল। বিমল গুৰুঙৰ নেতৃত্বত গোৰ্খা জনমুক্তি মৰ্চাৰ প্ৰতিবাদকাৰীৰ সৈতে পশ্চিমবংগ চৰকাৰখনৰ কোনো ফালৰপৰাই ৰাহি-জোৰা মিলা নাছিল। পৰিস্থিতি নিয়ন্ত্ৰণত মমতা বেনাৰ্জীৰ নেতৃত্বধীন তৃণমূল চৰকাৰখনৰ দৃষ্টিভংগীক লৈ বাইচুং ভুটীয়া একমত হ’ব পৰা নাছিল। 

সম্প্ৰতি চিক্কিমত ৫ বাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা চিক্কিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুখ্যমন্ত্ৰী পৱন চামলিঙৰ একপ্ৰকাৰ ৰাজনৈতিক দুৰ্গ ভেদিবলৈ বাইচুঙৰ নতুন দলটোৰ প্ৰদৰ্শন লক্ষণীয় হব। ২০১৯ত হ’বলগীয়া নিৰ্বাচনত চামলিঙৰ দলটোক বাইচুঙৰ নতুন দল হামৰা চিক্কিমে প্ৰত্যাহ্বান জনাব পাৰে বুলি ইতিমধ্যে চিন্তা-চৰ্চা আৰম্ভ হৈ গৈছে।