♦ ৰঙিয়া কলমণিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন

♦ কেইবাজনো যুৱ ছাত্ৰ পৰিষদ-কৃষক মুক্তিৰ সদস্যক আটক 

ৰঙিয়াঃ ৰঙিয়াৰ সমিপৰ কলমণিত শ্ৰীশ্ৰী কুৰ্ম্মা মাধৱ দেৱলায়ৰ শুভ শিলন্যাসৰ মুকলি সভাত অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যৰ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোমবাৰে ক’লা পতাকাৰ সন্মুখিন হ’ব লগা হয়।

পাছত ক’লা পতাকা দেখুৱা যুৱ ছাত্ৰ আৰু কৃষক মুক্তিৰ কেইবাগৰাকীও সদস্যক আৰক্ষীয়ে আটক কৰে। আটকাধীন সদস্যকেইজনক ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া থানাত আবদ্ধ কৰি ৰখাৰ লগে লগে একাংশ কৃষক মুক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতাই ৰঙিয়া আৰক্ষী থানাৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে থানাৰ সন্মুখত বহি ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শ্ল’গান দি প্ৰতিবাস্থলী উত্তাল কৰি তোলে। পাছত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়ে। প্ৰতিবাদকাৰীসকলে মুকলি হয় যদিও মহকুমা আৰক্ষী বিষয়াগৰাকী আটকাধীন যুৱকসকলক মাৰধৰ কৰা বুলি অভিযোগ কৰি বিষয়টো ন্যায়লয়লৈ নিয়াৰ বাবে প্ৰতিবাদী ছাত্ৰ কৰ্মীসকলে উপস্থিত ন্যায়লয়ত হোৱা দেখিবলৈ পোৱা যায়।