ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিৰ পথাৰখনত বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলৰ পৰা আৰম্ভ কৰি খেলজগতৰ বহুকেইজন খেলুৱৈয়ে নামি পৰা দেখা গৈছে৷ তাৰে ভিতৰত দেশৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়া অন্যতম৷

২০১৩ চনত বাইচুং ভূটিয়াই তৃণমূল কংগ্ৰেছ দলৰ সদস্য হিচাপে যোগদান কৰাৰ পাছত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দাৰ্জিলিঙৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াই বিজেপি দলৰ এচএচ আহলুৱালিয়াৰ হাতত প্ৰায় ২ লাখ ভোটত পৰাভূত হৈছিল৷ উল্লেখ্য যে সোমবাৰে তৃণমূল কংগ্ৰেছৰ সদস্য বাইচুং ভূটিয়াই টুইট যোগে দলৰ পৰা পদত্যাগ কৰাৰ কথা জানিবলৈ দিয়ে৷

টুইটত ভূটিয়াই কয়, ‘আজি মই দেশৰ তৃণমূল কংগ্ৰেছৰ সদস্য পদৰ পৰা অব্যাহতি লোৱাৰ লগতে সকলো দায়িত্বৰ পৰা পদত্যাগ কৰিছোঁ৷ এতিয়াৰ পৰা মই দেশৰ কোনো ৰাজনৈতিক দলৰে সদস্য নহওঁ৷’

 জানিব পৰা মতে, বাইচুং ভূটিয়াই দাবী কৰা পৃথক গোৰ্খালেণ্ডৰ বিষয়টোক লৈ ৰাজ্যত চলি থকা বাদ-বিবাদৰ ফলত তৃণমূল কংগ্ৰেছ দলৰ পৰিস্থিতি গম্ভীৰ হৈ আছিল৷ যাৰ পৰিপ্ৰেক্ষিতত ভূটীয়াই পদত্যাগ কৰিছে বুলি অনুমান কৰিব পাৰি৷ বাইচুূং ভূটীয়াই দল ত্যাগ কৰাক লৈ দলৰ কোনোৱে বৰ্তমানলৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলিও জানিব পৰা গৈছে৷