গোৰেশ্বৰঃ "একাংশ সাংবাদিকে প্ৰেছ কাৰ্ডখনক এটিএম কাৰ্ডৰ দৰে ব্যৱহাৰ কৰে। সংবাদসেৱাৰ নামত একাংশই এই বৃত্তিটোক কুলষিত কৰিছে।"-এই মন্তব্য বিশিষ্ট সাংবাদিক, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ।
দেওবাৰে বাগসা জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত বাগসা জিলা সাংবাদিক সন্থাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় শইকীয়াই। সাংবাদিকসকল বিভিন্ন সন্থাৰ নামত বিভক্ত হৈ থকাতো তেওঁ আক্ষেপ প্ৰকাশ কৰে। ভাগ ভাগ হৈ থকাতকৈ সকলোৱে একগোট হৈ সাংবাদিকৰ সমস্যা সমাধানৰ দিশত গুৰুত্ব দিব লাগে বুলিও মন্তব্য আগবঢ়ায় শইকীয়াই।
বাগসা জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি অনিল চন্দ্ৰ কাকতিৰ পৌৰহিত্যত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বাৰ্তাজীৱি সংঘৰ সভাপতি কেশৱ চন্দ্ৰ কলিতাই কয় যে সাংবাদিকৰ বহু সংগঠন জন্ম হোৱাত চৰকাৰক ইয়াৰ প্ৰকৃত সমস্যা বিশেষকৈ মফচলীয় সাংবাদিকৰ সমস্যা উত্থাপন কৰাত অসুবিধা হৈছে।
এই সভাত আদৰণি সমিতিৰ স্মৃতিগ্রন্থ উন্মোচন কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। সভাখনত গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খৰ্গেশ্বৰ ডেকা আৰু আৰক্ষী বিষয়া দীলিপ শইকীয়াইয়ো অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পুৱা বাগছা জিলা সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি অনিল চন্দ্ৰ কাকতিয়ে। দিনৰ ১১ বজাত অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লয় বিশিষ্ট কবি স্তম্ভ লেখক পংকজ গোবিন্দ মেধি আৰু কবি সাহিত্যিক অজিত তালুকদাৰে।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ প্ৰথম দিনা ২০ মে'ত পুৱা পতাকা উত্তোলন কৰে গোৰেশ্বৰ প্ৰেছ ক্লাৱৰ সভাপতি অৰবিন্দ ডেকাই। ইয়াৰ পিছত দিনৰ এঘাৰ বজাত ছাত্ৰ ছাত্ৰী সকলৰ মাজত থিতাতে বাতৰি লিখা প্ৰতিযোগিতা উদ্বোধনৰ কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ প্ৰতিভা পাটোৱাৰীয়ে। এই প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ৰেইনবো ইংলিচ স্কুলৰ ক্ৰমে প্ৰিন্স কুমাৰ ডেকা আৰু অংকিতা কলিতাই। তৃতীয় স্থান লাভ কৰে গোৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী চুমাইয়া চুলতানাই।
নিশা আঠ বজাত গোৰেশ্বৰ মহাবিদ্যালয় ছেমিনাৰ হলত প্ৰতিনিধি আৰু বিষয় বাছনি সভা উদ্বোধন কৰে বিটিচি ই এম মহেশ্বৰ বসুমতাৰীয়ে। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম সাংবাদিক সন্থাৰ বিষয়ববীয়া ৰাতুল বৰা। প্ৰতিনিধি সভাত কেবাটাও গুৰুত্বপূর্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বাগসা জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিখনত কামেশ্বৰ দাসক সভাপতি আৰু নিকুঞ্জ কলিতাক সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়।