ডিজিটেল ডেস্কঃ সন্ত্ৰাসৰ পথ এৰি মূলসুঁতিলৈ উভতিল ৪৩৪ জনকৈ সন্ত্ৰাসবাদী। পাকিস্তানৰ বেলুচিস্তানৰ কেইবাটাও সংগঠনৰ ৪৩৪ জন সন্ত্ৰাসবাদীৰ অাত্মসমৰ্পন কৰিছে। বেলুচ ৰিপাব্লিক অাৰ্মী (BRA) বলুচ লিৱেৰচন অাৰ্মী (BLA) অনান্য বিচ্ছিন্নতাবাদী সংগঠনৰ সদস্য অাছিল উক্ত সন্ত্ৰাসবাদীকেইজন৷
সুৰক্ষা বলৰ ওপৰত অাক্ৰমণৰ অভিযোগৰ ভিত্তিতে গোচৰ ৰুজু হৈ অাছিল সংগঠনকেইটাৰ ওপৰত। প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালে ১৫০০ সন্ত্ৰাসবাদীয়ে মাৰণাস্ত্ৰসমূহ বিভাগীয় কৰ্তৃপক্ষৰ হাতত গতাই দিছে৷