newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে-ভিতৰে। তৃণমূলৰ সাংসদে সদন উত্তাল কৰাৰ তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ এনআৰচিৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।
সোমবাৰে এনআৰচিৰ সম্পূৰ্ণ খচৰা অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে। ৪০ লাখ লোকে বাদ পৰা খবৰ প্ৰচাৰ হোৱাৰ পিছতে দেশত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। লগে লগে দেশৰ বিজেপি বিৰোধী দলে ভোটৰ ৰাজনীতি আৰম্ভ কৰিছে। দেশৰ প্ৰায় কেইটা বিৰোধী দলে দুয়ো সদন উত্তাল কৰাৰ লগতে সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।