Home বিশ্ববাংলদেশত পুনৰ শ্বেখ হাছিনাৰ চৰকাৰ

বাংলদেশত পুনৰ শ্বেখ হাছিনাৰ চৰকাৰ

by News Desk
73 views
A+A-
Reset

ঢাকাঃ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত অভাৱনীয় বিজয় সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চতুৰ্থবাৰৰ বাবে শাসনত তধিস্থিত হ’ল। অৱশ্যে বিৰোধীয়ে এই নিৰ্বাচনত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ তুলি পুনৰ ভোটগ্ৰহণৰ দাবী উত্থাপন কৰিছে। অতি কমেও ১৭ জন লোকে প্ৰাণ দিবলগীয়া হোৱা এই ৰক্তাক্ত নিৰ্বাচনত ৩০০ খন আসনৰ ভিতৰত শাসনাধিস্থিত আৱামী লীগে ২৮৮ খন আসন লাভ কৰিবলৈ সক্ষম হয়। মূল বিৰোধীয়ে মাত্ৰ ছখন আসনহে দখল কৰিবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগৰ সচিব হেলাল উদ্দিন আহমেদে। এই নিৰ্বাচনত তচনচ হোৱা বিৰোধীৰ মিত্ৰযোটৰ মুৰব্বী কমল হুছেইনে কয় যে এখন নিৰপেক্ষ চৰকাৰৰ অধীনত আমি অতি সোনকালে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰোঁ। মন কৰিবলগীয়া যে ৭১ বছৰীয়া হাছিনাই দেশখনৰ অৰ্থনৈতিক ভেটি টনকীয়াল কৰাৰ লগতে চুবুবীয়া ম্যানমাৰত নিগ্ৰিহীত ৰহিংগ্যাসকলক আশ্ৰয় দিয়াৰ বাব দেশখনত জনপ্ৰিয়তা বৃদ্ধি পাইছে। কিন্তু বিৰোধী বি এন পি নেত্ৰী খালেদা জীয়ক ১৭ বছৰ কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বাবে সমালোচনাৰ সম্নুখীন হেছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0