গুৱাহাটীঃ চিপিআইএমৰ নেতৃত্বই আজিও আশাপুহি ৰাখিছে চিপিআইএমৰ হাততেই থাকিব ত্ৰিপুৰা৷ তৃণমূলৰ নেতৃত্বও বিজেপিৰ পৰিবৰ্তে চিপিআইএমৰ হাতত থকাটো বিচাৰে ত্ৰিপুৰাৰ শাসনভাৰ৷ তাৰ মাজতে বাংলাত ফেচবুকত পোষ্ট লিখি পুনৰ চিপিআইএমক শাসনলৈ আনিবলৈ আহ্বান জনালে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে৷

ত্ৰিপুৰাবাসীক ফেচবুক যোগে তেওঁ কয় ‘‘জনগোষ্ঠীগত বিভিন্নতাৰ এটি অঞ্চল ত্ৰিপুৰা৷ জাতি-উপজাতি জনগণৰ শান্তি ঐক্য, সম্প্ৰীতিৰ প্ৰতীক৷ সেয়া কেৱল মাণিক সৰকাৰৰ নেতৃত্বৰ বাম ফ্ৰন্টৰ চৰকাৰৰ বাবেহে সম্ভৱ হৈছে৷ যাৰ বাবে সমস্ত ক্ষেত্ৰত ৰাজ্যৰ উন্নয়ন হৈছে৷ ফেচবুক আপডেটত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে আৰু কয় ‘‘বিজেপিয়ে মুখতহে জাতীয়তাবাদী বৰ বৰ কথা কয়৷

কিন্তু তেওঁলোকে হাত মিলাইছে জাতীয়তাবাদী বিৰোধী, বিভেদকামী আঞ্চলিক দলৰ সৈতে৷ এই মিত্ৰ জোঁটে চিপিআইএমৰ কৰ্মীৰ ওপৰত হিংস্ৰভাৱে আক্ৰমণ চলাইছে৷ কিন্তু তেওঁলোকৰ ঘৃণনীয় পৰিকল্পনা সফল নহয়৷’’ ইয়াৰ দ্বাৰা প্ৰমাণ হয় চিপিআইএমে ত্ৰিপুৰাৰ গাদী কোনো কাৰণত এৰিব খোজা নাই৷ ছচিয়েল মিডিয়াক ব্যৱহাক কৰি প্ৰচাৰ চলোৱাৰ চেষ্টা কৰে কেৰালাৰ মুখ্যমন্ত্ৰীয়ে৷ অহা ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাৰ ৬০টা বিধান সভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব৷