অবৈধ বাংলাদেশী সমস্যাৰ নতুন মোৰ
বাংলাদেশী অনুপ্রবেশ সমস্যা সম্পৰ্কে বাংলাদেশৰ লগত কেতিয়াও ভাৰতে আলোচনা কৰা নাই  
কলিকতাত​ বাংলাদেশৰ শীৰ্ষ আমোলা গৌহৰ
 ৰিজভি 
কলকাতালৈ আহি এই কথা জনালে গৌহৰ ৰিজভিয়ে 
ৰিজভিয়ে ক’লে, বর্তমান ভাৰত চৰকাৰৰ লগত আমাৰ সম্পর্ক খুবেই ভাল

 

newsnextoneকলিকতা ৬অক্টোৱৰঃ অনুপ্ৰৱেশ সমস্যাক লৈ বাংলাদেশৰ চৰকাৰৰ সৈতে কেতিয়াও আলোচনা কৰা নাই ভাৰতে৷ কলকাতালৈ আহি এই কথা জনালে হাচিনা চৰকাৰৰ শীর্ষ আমোলা গৌহৰ ৰিজভিয়ে। 

বাংলাদেশৰ প্রধানমন্ত্রী সেখ হাচিনাৰ বিশেষ পৰামর্শদাতা গৌহৰ ৰিজভিয়ে কলকাতালৈ আহি যোৱা শুক্রবাৰে এই মন্তৱ্য কৰে। আমোলা গৰাকীয়ে আৰু দাৱী কৰে যে যি সকল লোকক  বাংলাদেশী অনুপ্রবেশকাৰী বুলি কোৱা হৈছে সেইসকল লোক বাংলাদেশৰ নাগৰিক হোৱাৰ কোনো প্রমাণ নাই। অসমত এনআৰচিৰ (NRC) চূড়ান্ত খচৰাত  নাম নথকা  ব্যক্তি সকলক  বাংলাদেশী অনুপ্রবেশকাৰী বুলি ভুলতে ব্যাখ্যা কৰা হৈছে। এই প্রসঙ্গেত ৰিজভিয়ে কয় যে,‘এই সকল যে বাংলাদেশেৰ নাগৰিক তাৰ কোনো প্রমাণ নাই।’

ইয়াৰ লগতে তেঁও এইটোও কথাও জনায় যে গোটেই সমস্যাটো  বাংলাদেশ আৰু ভাৰতৰ নিজস্ব বিষয় বুলি তেঁও ভাৱে। তেঁও আৰু কয় যে, বর্তমান ভাৰত চৰকাৰৰ সৈতে আমাৰ চৰকাৰৰ সম্পর্ক খুবেই ভাল আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদী আমাৰ দেশত অতি জনপ্রিয়। কিন্তু মই যোৱা দহ বছৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ লগত কাম কৰিছোঁ৷ কিন্তু কেতিয়াও ভাৰতৰ লগত এই বিষয়ত  আলোচনা হোৱা দেখা নাই। সৰ্বশেষত তেওঁ কয় যে যদি প্ৰমান হয় যে যে বাংলাদেশেৰ কোনো নাগৰিকে এই দেশৰ নিয়ম ভাঙি ইয়াত অবৈধ ভাৱে বসবাস কৰিছে তেতিয়াহ’লে তেওঁলোকক উভতাই নিয়াৰ ব্যৱস্থা কৰা হ’ব৷