ডিজিটেল ডেস্কঃ শতাধিক মহিলাৰ সতীত্ব হৰণ কৰি গ্ৰেপ্তাৰ হ'ল বাংলাদেশৰ 'চুলতান অৱ ছেক্স'। নিজকে যৌনতাৰ ৰজা আখ্যা দিয়া পাষণ্ডৰ প্ৰকৃত নাম ফাৱাদ বিন চুলতান। কামাতুৰ লোকজনে বিগত সময়ত দেশখনৰ নাৰীকুলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।

নিজকে পৃথিৱীৰ সবাতোকৈ যৌনশক্তিধৰ পুৰুষ হিচাপে দম্ভালি মৰা ফাৱাদ ধৰা পৰাৰ পিছতহে আশ্বস্ত হৈছে বাংলা নাৰীকুল। বুধবাৰে বাংলাদেশ আৰক্ষীয়ে ঢাকাৰ পৰা গ্ৰেপ্তাৰ কৰে চুলতানক।

পেছাদাৰী ৰিয়েল ইষ্টেট এজেণ্ট ফাৱাদৰ আন এক কাম হল পুৰুষ যৌনকৰ্মী যোগান ধৰা। অনলাইনৰ মাধ্যমত চুলতান অৱ ছেক্সে পৰিচালনা কৰি আহিছিল সমগ্ৰ দক্ষিণ পূব এছিয়াৰ যৌনতাৰ বজাৰখন। যৌনক্ষুধা নিবাৰণৰ বাবে ধনৰ বিনিময়ত ফাৱাদক ভাৰা কৰিছিল বাংলাদেশৰ শতাধিক কামুক মহিলাই। কিন্তু ইয়াৰে সুযোগ ল'লে পাষণ্ডই।

তথ্য অনুসৰি ধনৰ বিনিময়ত মহিলাক যৌনতাৰ সুখ দিয়াৰ দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখিছিল ফাৱাদে। শক্তিবৰ্ধক টেবলেট সেৱন কৰি কৰা সংগমৰ ভিডিঅ' ৰাজহুৱা কৰাৰ ভাবুকি দি তেওঁ ব্লেকমইলিং কৰিছিল গ্ৰাহক মহিলাক। এইপন্থাৰে ধন উপাৰ্জন কৰিছিল যৌনতাৰ ৰজাই।

তদুপৰি মুখা পৰিধান কৰি ইণ্টাৰনেটত সংগমৰ লাইভ সম্প্ৰচাৰ কৰিছিল ফাৱাদে। তেওঁৰ জালত পৰিছিল কেবাগৰাকী কোমলমতীয়া কিশোৰী। একাধিক মহিলাক ধৰ্ষণো কৰিছিল ফাৱাদে। গ্ৰেপ্তাৰৰ সময়ত ফাৱাদৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে অবৈধ সংগমৰ ডেৰ শতাধিক ভিডিঅ'। তদুপৰি উদ্ধাৰ হৈছে যৌনশক্তিবৰ্ধক দৰৱো।