ডিজিটেল ডেস্কঃ বেংকৰ একাউন্টত আধাৰ কাৰ্ড সংযুক্ত কৰাৰ কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ এই কথা স্পৰ্ছ কৰিলে খোদ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ এগৰাকী লোকক তথ্য জনাৰ অধিকাৰ আইনৰ উত্তৰ দি এই কথা কয় ৰিজাৰ্ভ বেংকে৷
ৱেব ছাইড moneylife.inৰ তৰফৰ পৰা যোগেশ চপকালে বেংকৰ একাউন্টত আধাৰ কাৰ্ড সংযোগ সন্দৰ্ভত কৰা প্ৰশ্নত উত্তৰ দি কেন্দ্ৰীয় চৰকাৰে গেজেট নটিফিকেছনৰ জৰিয়তে সিন্ধান্ত লোৱা বুলি কয়৷
২০১৭ চনৰ ০১ জুনত কেন্দ্ৰীয় চৰকাৰে গেজেট নটিফিকেছন জিএছআৰ ৫৩৮(ই) যোগে এই নিৰ্দেশ দিয়া বুলি তথ্য জনাৰ অধিকাৰ আইনৰ অধিনত কৰা প্ৰশ্নৰ উত্তৰ দিয়ে বেংকটোৱে৷ এই নিৰ্দেশ কেন্দ্ৰৰ মোডী চৰকাৰৰ হে ৰিজাৰ্ভ বেংকৰ নহয়৷ প্ৰতিদিনে দেশৰ প্ৰতিটো বেংকে গ্ৰাহক তথা আন আন লোকসকলক মেচেজ প্ৰেৰণ কৰি বেংকৰ একাউন্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ আহ্বান জনাই আহিছে৷