newsnextone.com | গুৱাহাটীঃ বৰাক উপত্যকাৰ তিনি জিলাৰ প্ৰায় সখ্যাক দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলি সমৰ্থন কৰাৰ পিছতেই এইবাৰ গুৱাহাটী মহানগৰীৰ পৰাই বৰাকৰ সংগঠনে উত্থাপন কৰিলে সুকীয়া ৰাজ্যৰ দাবী৷

অসমীয়া জাতিয়ে যোৱা দুটা বছৰ ৰাজ্যৰ ৰাজপথ উত্তাল কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাই অহাৰ লগতে বাংলাদেশৰ হিন্দু শৰাণাৰ্থীক অসমত সংস্থাপনৰ বিৰুদ্ধে মাৰবান্ধি থিয় দি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ভিতৰি ভিতৰি সুকীয়া বৰাক ৰাজ্যৰ দাবীত একত্ৰিত হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা বাংলাভাষী সংগঠন সমূহ৷ 

বাংলাদেশৰ পৰা হিন্দু আনি অসমত সংস্থাপনৰ ষড়যন্ত্ৰ কৰি থকাৰ লগে লগে এখন সুকীয়া ৰাজ্যৰ বাবেও কাম কৰি গৈছে একাংশ দল-সংগঠনে৷ এই কথাৰ প্ৰমাণ পোৱা যায় বুধবাৰে৷

বুধবাৰে বৰাকৰ জাতীয় সংগঠন সদৌ কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সন্থাৰ প্ৰভাৱশালী নেতা তথা অধিবক্তা প্ৰদীপ দত্ত ৰয়ে সুকীয়া ৰাজ্যৰ দাবী মুকলিকৈ উত্থাপন কৰে৷

বুধবাৰে সদৌ কাছাৰ-কৰিমগঞ্জ আৰু হাইলাকান্দি ছাত্ৰ সন্থাৰ নেতা প্ৰদীপ দত্ত ৰয়ে বৰাকক সুকীয়া ৰাজ্যৰ মৰ্যদা দিব লাগি বুলি সজোৰে দাবী জনায় এখন সংবাদমেল যোগে৷

প্ৰদীপ দত্ত ৰয়ৰ অভিযোগ মতে অসমৰ বুদ্ধিজীৱী, সংবাদ মাধ্যম আৰু দল-সংগঠন সমূহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকক ঠাট্টা-মষ্কৰা কৰাৰ লগতে বৰাক উপত্যকাৰ লোকসকলক বিদ্ৰুপ কৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকে বৰাক উপত্যকাৰ লোকসকলৰ অস্তিত্বক আক্ৰমণ কৰে৷ যাৰ বাবে এখন পৃথক ৰাজ্যৰ হলেহে এই অসন্মানৰ শান্তিপূৰ্ণ সমাধান হ’ব।

সুকীয়া ৰাজ্যৰ দাবীৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে অসম সাহিত্য সভাকো আক্ৰমণ কৰে৷ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে অসমীয়া ভাষাক বৰাকত চৰকাৰী ভাষাৰ মৰ্যদা দিবলৈ জনোৱা আহ্বানক একপ্ৰকাৰ উভতি ধৰি বাংলা ভাষা বৰাক উপত্যকাৰ চৰকাৰী ভাষা বুলি কৈ আমি এই কথা মানি ল’ব নোৱাৰো বুলি কয়।