newsnextone.com | লিডুঃ পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সভাপতি দিবং ভাণ্টে ৱাৰ্নাচাৰা মহাথেৰা আৰু নাই৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ দিবং বৌদ্ধ বিহাৰৰ বৌদ্ধ ভিক্ষু ৱাৰ্নাচাৰা   মহাথেৰাৰ মঙলবাৰে পুৱা প্ৰায় ৬ বাজি ১৫ মিনিটত মৃত্যুক আকোৱালি লয়৷

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ আছিল মহাথেৰাই৷ বহু দিন ধৰি মহাথেৰাই চিকিৎসা গ্ৰহণ কৰিছিল যদিওঁ নিয়তীৰ ওচৰত হাৰ মানে৷ বিশিষ্ট ধৰ্মগুৰুগৰাকীয়ে আজীৱন বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে মানৱ সেৱা কৰি গৈছিল৷ বিভিন্ন ধৰ্মৰ লোকৰ সৈতে সুসম্পৰ্ক বজাই চলিছিল৷

বৌদ্ধ ভিক্ষুগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অজস্ৰ গুনমুগ্ধই মন্দিৰৰ প্ৰাংগনত ভিৰ কৰা পৰিলক্ষিত হয়৷ সৎ আৰু নিষ্ঠাৱান ভিক্ষুৰ বিয়োগেত মৰ্মাহত কৰিলে মাৰ্ঘেৰিটাবাসীক৷