লণ্ডনঃ ‘মাৰ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে মই তেওঁৰ সৈতে ভিডিঅ’ কলযোগে কথা পাতিছিলো, তেতিয়া তেওঁ আপোন লোকসকলৰ আৰু যিসকলৰ কথা মনলৈ আহিছিল সেইসকলৰ নাম লৈছিল। মই তেওঁৰ সৈতে কথা পাতি আছিলো আৰু লাহে লাহে তেওঁ চিৰদিনৰ বাবে শুই পৰিছিল। এতিয়া আৰু তেওঁ কেতিয়াও নুঠে।’
বিবিচিৰ সাংবাদিক এণ্ড্ৰিউ ৱেবে তেওঁৰ মাতৃৰ অন্তিম সময়ত শেষ বাৰৰ বাবে লগ পাবলৈ চিকিৎসালয়লৈ যাব নোৱাৰিলে। অৱশ্যে চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত মাতৃৰ সৈতে সময় কটাবলৈ তেওঁ প্ৰযুক্তিৰ সহায় লৈছিল।