গুৱাহাটীঃ মানুহৰ দৈনন্দিন জীৱন-প্ৰণালী আৰু ব্যস্ততাৰ মাজত এগৰাকী সু-স্বাস্থ্যৰ গৰাকী হোৱাৰ প্ৰয়োজন হয়৷ এক সুস্থ-সবল শৰীৰ হ’লেহে মানসিক স্বাস্থ্যও ভালে থাকিব৷ যেনেদৰে মানুহৰ শৰীৰক পুষ্টিৰ প্ৰয়োজন থিক তেনেদৰে মানুহৰ দেহৰ এক বিশেষ অংশ চুলিকো প্ৰয়োজন হয় প্ৰটিনৰ৷ চুলিয়ে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে যদিও এই বিষয়ষত প্ৰায় লোকে গুৰুত্ব দিয়া দেখা নাযায়৷ 

দেহৰ প্ৰত্যকটো অংগৰ দৰে চুলিয়েও বিশেষ কাম কৰে বুলি জানিব পৰা গৈছে৷ বিজ্ঞানসন্মতভাৱে চুলিত গ্ৰন্থি আছে৷ দিনক দিনে বৃদ্ধি পাবলৈ ধৰা প্ৰদূষণ, বতৰৰ বিশেষ আৰ্দ্ৰতাৰ বাবে মানুহৰ বিভিন্ন চুলিৰ সমস্যা দেখা দিয়ে৷ যাৰ বাবে মানুহে চিকিৎসকৰ পৰামৰ্শ ল’বলগীয়া হয় যদিও আন লোকে অাৰ্থিক অভাৱৰ বাবে সেই খৰচ বহন কৰিব নোৱাৰে৷

চুলিৰ বিশেষজ্ঞসকলে কিছুমান ঘৰুৱা পদ্ধতিৰ দ্বাৰাও চুলিৰ সমস্যা দূৰ কৰিব পাৰি বুলি জানিবলৈ দিছে৷ ঘৰতে বহি চুলিৰ যতন লোৱা কিছুমান সমস্যাৰ উপায় তলত দিয়া ধৰণৰঃ

১. চুলিৰ গুৰিৰপৰা লেতেৰা পৰিষ্কাৰ কৰাৰ বাবে

চুলিৰ গুৰিৰপৰা লেতেৰা পৰিষ্কাৰ কৰাৰ বাবে মিথি পাউদাৰ দুই চামুচৰ লগত ভিনেগাৰ আধা কাপ পনীয়াকৈ মিহলাই ল’ব। পাছত এই মিশ্ৰণ চুলিৰ গুৰিত লগাই থৈ দিব। প্ৰায় ২০ মিনিট থৈ দিয়াৰ পিছত শ্বেম্পু কৰি দিব। ছালফাৰ ফ্ৰী শ্বেম্পু কৰি দিব। ছালফাৰ ফ্ৰী শ্বেম্পু ব্যৱহাৰ কৰিলে চুলি সৰাৰ সম্ভাৱনা নাথাকে।

২.অধিক কেমিকেল ব্যৱহাৰ কৰা চুলিত

অধিক কেমিকেল ব্যৱহাৰ কৰা চুলিৰ বাবে ছালকুঁৱৰীৰ জুলীয়া অংশ একাপৰ লগত এচামুচ গ্লিচাৰিণ মিহলাই ল’ব। ইয়াৰ লগত লেভেণ্ডাৰ অইল ১০ টোপাল মিহলাই চুলিত লগাব। ২০ মিনিটমান থকাৰ পাছত শ্বেম্পুৰে ধুই দিব। সপ্তাহত এবাৰকৈ কৰিলেও চুলিখিনি ভালেই থাকিব। কাৰণ ই চুলিত থকা কেমিকেলখিনি পৰিষ্কাৰ কৰি চুলিখিনিক কেমিকেলবিহীন কৰি পেলোৱাত সহায় কৰে৷

৩.শুকান, আগ ফটা চুলিৰ যতন

চুলিৰ বাবে উল্লেখিত প্ৰলেপ অতি পুষ্টিকৰ। বিশেষকৈ যিসকলৰ চুলি অতি শুকান, আগ ফাটে, তেওঁলোকে এই মিশ্ৰণটো ব্যৱহাৰ কৰিব পাৰে। কণীৰ কুহুম দুটা, পকা কল এটা, পাউদাৰ গাখীৰ দুই চামুচ, নাৰিকল তেল একাপ, কমলাৰ ৰস চাহ চামুচেৰে এচামুচ। এই আটাইখিনি মিক্সিত মিহলাই ল’ব। পিছত চুলিত ভালদৰে লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। ২০ মিনিটৰ পাছত শ্বেম্পু কৰিলে ইয়াৰ সুফল পোৱা যাব৷

৪.শুকান চুলিত কণীৰ মিশ্ৰণ

শুকান চুলিত কণীৰ কুহুম চাৰিটাৰ সৈতে একাপ অলিভ অইল মিহলাই চুলিত লগাব। এই মিশ্ৰণ লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। পিছত ছালফাৰবিহীন শ্বেম্পুৰদ্বাৰা শ্বেম্পু কৰি কণ্ডিচনাৰ ব্যৱহাৰ কৰিলে চুলিৰ উজ্জলতা বৃদ্ধি পাব৷

৫. উফিৰ সমস্যা আৰু পকা চুলিৰ সমস্যা দূৰ কৰিবৰ বাবে

এলমণ্ড আৰু নেমুৰস চুলিৰ বাবে উপকাৰী৷ নেমুৰ ৰসৰ লগত পৰিমাণ বিশেষে এলমণ্ড অইল মিহলাই চুলিৰ গুৰিত ভালকৈ লগাই ২০ মিনিট ৰাখি চাফা পানীৰে ধুই দিলে ইয়াৰ সুফল পোৱা যায়৷ নেমুৰ ৰসে চি ভিটামিন যোগান ধৰাৰ লগে লগে বি ভিটামিন আৰু ফছফৰাছো উৎপাদন কৰে ফলত চুলি শক্তিশালী আৰু কোমল হয়৷

শীতৰ সময়ত উফিৰ সমস্যা, চুলি সৰা এনে নানান ধৰণৰ সমস্যাই অধিক দেখা দিয়ে৷ অধিক কেমিকেলযুক্ত শ্বেম্পু ব্যৱহাৰ কৰি অধিক লোকে চুলিৰ সমস্যা বৃদ্ধি কৰিছে৷ তেলেতীয়া ছালৰ লোকে সপ্তাহত তিনিদিনকৈ চুলি ধুব লাগে৷ চুলিত প্ৰ’টিনৰ পৰিমাণ কম হ’লে চুলি সৰে যাৰ বাবে প্ৰ’টিন যুক্ত প্ৰলেপ ব্যৱহাৰ কৰি উল্লেখিত সমস্যা দূৰ কৰাত সহায়ক হয়৷ আনহাতে মানুহে চুলি আঁচুৰিবলৈ চাফা ফনী আৰু আনৰ ফনিৰে মূৰ কেতিয়াও ফনিয়াব নালাগে৷ এই বিষয়ত গুৰুত্ব ৰাখিলে চুলিৰ সমস্যা যথেষ্ট দূৰ হ’ব বুলি বিশেষজ্ঞসকলেও সন্মতি প্ৰদান কৰে৷

বিঃদ্ৰঃ বিশেষজ্ঞসকলৰদ্বাৰাহে এই দিহা-পৰামৰ্শ দিয়া হৈছে৷ লগতে ঘৰুৱা পদ্ধতিৰদ্বাৰা বহু লোক এনে সমস্যাৰপৰা উপশম হৈছে বুলি জানিব পৰা গৈছে৷