ডিজিটেল ডেস্কঃ আত্মহত্যা কৰিব ড০ ৰামবিলাস বেদান্তিয়ে৷ ফৈজাবাদ ৰাম জন্মভূমি ন্যাসৰ সদস্য ড০ ৰামবিলাস বেদান্তিয়ে অহা বছৰৰ ভিতৰত ৰাম মন্দিৰ নহলে আত্মহত্যা কৰিম বুলি স্পষ্ট কৰে৷ একপ্ৰকাৰ ৰামমন্দিৰ নিৰ্মাণ নহলে পৃথিৱী ত্যাগ কৰিব বেদান্তিয়ে৷
এই কথা মঙলবাৰে ৰাম নৱমীৰ উৎসৱত অংশ লৈ প্ৰকাশ কৰে৷ তেওঁ কয় যে, অহা বছৰৰ ৰাম নৱমীত ৰাম মন্দিৰ নিৰ্মাণ নহলে ২০১৯চনৰ ৰাম নৱমীৰ দিনটোত তেওঁ আত্মহত্যা কৰিব৷
যোৱা ১৫ বছৰে ৰামবিলাস বেদান্তিয়ে নিজা গৃহ হিন্দুধামত ৰাম জন্মোৎসৱৰ সময়ছোৱাত ৯ দিনকৈ ৰামকথা ভক্তসকলৰ সতে ব্যাখ্যা কৰি আহিছে৷ ইয়াৰোপৰি ৰাম ভক্তসকলৰ লগত ৰাম মন্দিৰ অতি শীঘ্ৰে নিৰ্মাণ হ’ব বুলিও আলোচনা কৰি আহিছিল৷
কিন্তু ১৫ বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাম মন্দিৰ নিৰ্মাণ নোহোৱাৰ বাবে ক্ষোভিত হৈ বেদান্তিয়ে এই কথা ঘোষণা কৰিছে৷ ৰামবিলাসে কয়, বৰ্তমান ২১খন ৰাজ্যত বিজেপিয়ে শাসন কৰি আছে৷
উত্তৰপ্ৰদেশতো বিজেপি শাসনলৈ আহিলে যোগী আদিত্যনাথে ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি নিৰ্বাচনী সভাবিলাকত ঘোষণা কৰিছিল৷ কিন্তু উত্তৰপ্ৰদেশত বিজেপি চৰকাৰে এবছৰ অতিক্ৰম কৰিলে৷ তৎসত্বেও ৰাম মন্দিৰ নিৰ্মাণ হৈ নুঠিল৷
দেশত কেন্দ্ৰ পৰা ৰাজ্য চৰকাৰলৈকে, ৰাষ্ট্ৰপতিৰ পৰা উপ-ৰাষ্ট্ৰপতিলৈকে সকলো বিজেপিৰ দখলত৷ এতিয়াই যদি ৰামমন্দিৰ নিৰ্মাণ হৈ নুঠে, তেন্তে কেতিয়া ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি আশ্বৰ্যপ্ৰকাশ কৰে ৰামবিলাস বেদান্তিয়ে৷ আগন্তুক বৰ্ষৰ ৰাম নৱমীৰ সময়তো যদি ৰামমন্দিৰ নিৰ্মাণ হৈ নুঠে, তেতিয়া হ’লে আত্মহ্যতা কৰিম বুলি কয় ৰামবিলাস বেদান্তিয়ে৷