শিশু ধৰ্ষণ, ০-১২ বছৰৰ শিশুৰ ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ দিয়াৰ বাবে আইন চৰকাৰৰ

Printer-friendly versionSend by email

ডিজিটেল ডেস্কঃ কাঠুৱা, উন্নাও কাণ্ডকে ধৰি কেইবাটাও ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আইন সংশোধন আৰু নতুন আইন ৰূপায়ন কৰিব বুলি শুকুৰবাৰে স্পষ্ট কৰিব। 

কেন্দ্ৰীয় চৰকাৰে শিশু ধৰ্ষণকাৰীক শাস্তি দিয়াৰ বাবে আইন ৰূপায়ন কৰাৰ বাবে প্ৰস্তুতি চলাই আহিছে। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ত এখন পত্ৰ প্ৰেৰণ কৰি এই কথা অৱগত কৰে। পক্সো আইন সংশোধন কৰাৰো প্ৰস্তুতি চলাব বুলি আদালতক অৱগত কৰে। 

যৌন অত্যাচাৰৰ পৰা শিশুক সুৰক্ষিত কৰাৰ বাবে পক্সো আইনত নতুন ধাৰা সংলগ্ন কৰাৰ বাবে পক্সো আইন সংশোধন কৰিব। এই আইনত ০-১২ বছৰলৈকে শিশু ধৰ্ষণকাৰীক মৃত্যুদণ্ড সুনিশ্চিত কৰিব চৰকাৰে।

উচ্চতম ন্যায়ালয়ত এগৰাকী এই সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন দাখিল কৰে। কেন্দ্ৰীয় চৰকাৰৰ এই গোচৰত আদালতৰ প্ৰশ্নৰ উত্তৰ দি  এই কথা অৱগত কৰে। এইটো গোচৰৰ পুনৰ শুনানি অহা ২৭ এপ্ৰিলত অনুষ্ঠিত হ’ব। 

কেন্দ্ৰীয় নাৰী আৰু কল্যাণ মন্ত্ৰী মানেকা গান্ধীয়ে উন্নাও আৰু কাঠুৱা ধৰ্ষণ কাণ্ডৰ পিছত আইন সংশোধন কৰাৰ বাবে পদক্ষেৰ লোৱাৰ কথা উল্লেখ কৰে।