নগাঁওঃ ষাঠিৰ দশকত অসমত ভ্ৰাম্যমান নাট্যদলৰ জন্মলগ্নৰে পৰা নেপথ্যৰ বেহেলা শিল্পী হিচাপে বহুকেইটা প্ৰতিষ্ঠিত নাট্যদলত সেৱা আগবঢ়োৱা লীলা শইকীয়া আৰু নাই৷ 

নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত মাজগাঁৱৰ নিজা বাসভৱনত কালি নিশা প্ৰায় আঠ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীন শিল্পী গৰাকীয়ে৷ বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকী বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত মাত্ৰ কেইদিনমানৰ আগতে ঘৰলৈ উভতাই অনা হৈছিল৷ 

উল্লেখ্য যে, অসমত ভ্ৰাম্যমানৰ বাটকটীয়া "নটৰাজ অপেৰা" দলত তেওঁ ১৯৬৩-৬৪ চনত পোন প্ৰথমে বাদ্যশিল্পী ৰূপে যোগদান কৰিছিল৷ সেই সময়ত নামনি অসমত ম’হৰ শিঙৰ পেঁপাৰ হেনো প্ৰচলন নাছিল ৷ নটৰাজৰ অখৰাত নগঞা যুৱক লীলা শইকীয়াই ম’হৰ শিঙৰ পেঁপাত ফু দিয়াত সকলো ৰাইজ ৰোমাঞ্চিত হৈ পৰিছিল৷ 

আনকি বৰপেটা জিলাৰ বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এখন ট্ৰাকত উঠাই শইকীয়াক পেঁপা বজাবলৈ দি গোটেই পাঠাশালাখন ঘূৰাইছিল৷ তদুপৰি সেইসময়ৰ জনপ্ৰিয় বিহুগীত “অ’ আইকন, মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে, আকৌ আইকন দেহি ঐ” শীৰ্ষ গীততো তেওঁ ম’হৰ শিঙৰ পেঁপাত বজোৱাৰ তালে-তালে ছাত্ৰী-ছাত্ৰী সকলে হাত তালিৰে তাল ৰখাৰ কথা কৈ প্ৰায়েই ৰোমন্থন কৰিছিল আজন্ম শিল্পী গৰাকীয়ে৷ 

পিছত নটৰাজ অপেৰাৰপৰা নটৰাজ থিয়েটাৰলৈ উন্নীত হয়৷ লীলা শইকীয়াই প্ৰায় ১০ বছৰকাল নটৰাজ থিয়েটাৰত থাকি পৰৱৰ্তী সময়ত অসম ষ্টাৰ, পূৰ্বজ্যোতি আদিকে ধৰি কেইবাখনো আগশাৰীৰ থিয়েটাৰত নেপথ্যৰ বাদ্যশিল্পীৰূপে বেহেলাৰ মুৰ্চ্চনা তুলি ৰাজ্যৰ ইমুৰৰপৰা সিমুৰলৈ পৰিভ্ৰমী ভ্ৰাম্যমানৰ হাজাৰ হাজাৰ দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ 

সেই বৰ্ণিল সময়ছোৱাত তেওঁ বিষ্ণু ৰাভা, ফনী শৰ্মা, ড° ভূপেন হাজৰীকা আদি মহান শিল্পী সকলোৰো সান্নিধ্য লাভ কৰিছিল৷ অৱশ্যে ঘৰুৱা সমস্যাৰ বাবে এটা সময়ত তেওঁ ভ্ৰাম্যমানৰ মোহ ত্যাগ কৰি ঘৰলৈ উভতি আহিবলৈ বাধ্য হয়৷ প্ৰকাশ যে, বেহেলাখনকে সম্বল হিচাপে লৈ জীৱন-জীৱিকাৰ সংগ্ৰামত তেওঁ ব্ৰতী হ’ল যদিও তেওঁ সফল হ’ব নোৱাৰিলে৷ 

কিয়নো, জীৱনৰ বিয়লি বেলা এক দুৰ্ভীক্ষ জীৱন কটাবলগীয়া হয় এই অশীতিপৰ শিল্পীগৰাকী৷ ৰজা ঘৰৰ বিশেষ চৰকাৰী সা-সুবিধাৰপৰা বঞ্চিত দুৰ্ভগীয়া শিল্পীগৰাকীক বহু ঠাইলৈ থিয়েটাৰ, ভাওঁনা, সংগীতানুষ্ঠান আদিলৈ মাতি নি সামান্য মাননী দি বিদায় দিছিল৷ আনকি প্ৰায়েই নিশা ১০ বজাত অনুষ্ঠান সামৰা শিল্পীগৰাকীক কোনো কোনো ঠাইত সেই সামান্য মাননীকনৰ কাৰণে উদ্যোক্তাসকলে পুৱতি নিশালৈকে অপেক্ষা কৰোৱাইছিল বুলি জীৱনৰ বিয়লিবেলাত প্ৰায়ে আক্ষেপ কৰিছিল শইকীয়াই৷ 

আনহাতে, ৰজাঘৰেও শইকীয়াক প্ৰাপ্য সন্মান নিদিলে৷ উল্লেখ্য যে, অগপ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালতে তেওঁক শিল্পী পেঞ্চন দিয়া হ’ব বুলি সেইসময়ৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে কথা দিছিল যদিও মুৰকত তেওঁক বঞ্চিত কৰা হ’ল৷ তদ্ৰুপ কংগ্ৰেছৰ বিগত পোন্ধৰ বছৰীয়া কাৰ্যকালটো তেওঁ জনপ্ৰতিনিধিৰ দুৱাৰে দুৱাৰে ঘূৰিও শিল্পী পেঞ্চনৰ মুখ নেদেখিলে৷ 

শেহতীয়াভাৱে পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনটো তেওঁক বঞ্চিত কৰা হ’ল৷ ইয়াৰ বিপৰীতে তেওঁত কৈ কম দক্ষতাৰ লোকেহে পালে শিল্পী পেঞ্চন৷ আনকি, সাংস্কৃতিক জগতৰপৰা অহা স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই তেওঁক মাত্ৰ এককালীনভাৱে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল যদিও লীলা শইকীয়াই আমৃত্যুলৈকে বৰকৈ আশা কৰা শিল্পী পেঞ্চনটো দিয়াব নোৱাৰিলে৷ 

মৃত্যুৰ কেইদিনমান আগতে অৱশ্যে চিকিৎসাৰ বাবে লাভ কৰিলে মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনিৰ কেইটামান টকা৷ এনেদৰেই শিল্পী পেঞ্চনৰ আশা বুকুত বান্ধি ইহলীলা সম্বৰণ কৰা আৰ্থিকভাবে জুৰুলা প্ৰচাৰ বিমুখ শিল্পীগৰাকীৰ মৃত্যুত স্থানীয় অঞ্চলৰ লগতে সমগ্ৰ হাতীচোং মৌজাতে গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে৷ 

তেওঁৰ মৃত্যুত স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে৷ আশী বছৰ গৰকা এই মহান শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, নাতি-নাতিনীৰ লগতে বহু ইষ্ট-কুটুম্ব ইহসংসাৰত এৰি থৈ যায়৷