বেগালুৰুঃ প্ৰায় ১৫,০০০ হাজাৰ শিশুৰ প্ৰসৱ কৰোৱা ছুলাগিট্টী নৰছম্মা ডাইৰ বুধবাৰে দেহাৱসান ঘটে৷ পদ্মশ্ৰী বঁটা লাভ কৰা এই অসাধাৰণ মহিলাগৰাকীয়ে প্ৰসূতিৰ গৰ্ভ স্পৰ্শ কৰিয়েই গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ বিষয়ে উমান পাইছিল৷
৯৮ বছৰ গৰকা ছুলাগিট্টী নৰছম্মাই বুধবাৰে বেগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে৷ নৰছম্মাই কৰ্ণাটকৰ নাতিদূৰৈত অৱস্থিত কৃষ্ণাপুৰা গাঁৱত কম মাননিতে ১৫,০০০ তকৈ অধিক শিশুৰ প্ৰসৱ কৰাইছিল৷ কৰ্ণাটকৰ স্থানীয় ৰাইজে জনোৱা মতে কোনোধৰণৰ চিকিৎসা বিজ্ঞানৰ জ্ঞান নোলোৱাকৈ নৰছম্মাই গৰ্ভাৱতীৰ গৰ্ভত থকা সন্তানৰ স্বাস্থ্য বিষয়ে জানিব পাৰিছিল আৰু তেওঁ ৭০ বছৰে জনসেৱা কৰিছিল৷
গৰ্ভধাৰণ হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়৷ বৰ্তমান বিজ্ঞানৰ যুগ৷ বৈজ্ঞানিকৰ চিকিৎসা প্ৰযুক্তি শক্তিশালী নোহোৱাৰ আগতে পূৰ্বতে মহিলাৰ প্ৰসৱ ঘৰতেই কৰা হৈছিল৷ নৰছম্মাই পাৰম্পৰিক পদ্ধতিৰদ্বাৰাই এই কাম সম্পন্ন কৰিছিল৷
কৰ্ণাটকৰ তুমকুৰ জিলাত জন্ম লাভ কৰা নৰছম্মাই আজীৱন সমাজ সেৱাৰ কামত নিজকে সমৰ্পণ কৰিছিল৷ যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনত নৰছম্মাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল৷
আনহাতে, নিজৰ জন্মভূমিৰ স্থানীয় লোকে নৰছম্মাক ‘জননী মা’ বুলি আখ্যা দিয়াৰ লগতে তুমকুৰ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল নৰছম্মাক৷