ডিজিটেল ডেস্কঃ  গো-হত্যা, লাভ জেহাদৰ পিছত এইবাৰ মূৰ্তি ভঙাৰ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলােৱাৰ পিছতেই ইটোৰ পিছত সিটো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হ’ব ধৰিছে৷

দেশৰ এই মহা মনীষীসকলৰ প্ৰতিমূৰ্তি ধ্বংস কৰাৰ প্ৰকোপ শাম কটাতকৈ বাঢ়িবহে ধৰিছে৷এইবাৰ তেনে এক কাৰ্য সংঘটিত হৈছে উত্তৰপ্ৰদেশত৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ আজমগঢ়ত সংবিধানপ্ৰণেতা ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ ওপৰৰ ভাগ একাংশ স্থানীয় লোকে ধ্বংস কৰিছে৷এই ঘটনা সংঘটিত হোৱাৰ পাছতে এলেকাটোত আৰু কূটাঘাটমূলক কাৰ্যকলাপ হ’ব পৰাৰ আশংকা কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷

ইতিমধ্যে আৰক্ষীয়ে অজ্ঞাত লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে৷ ইয়াৰপূৰ্বে হৰিদ্বাৰ জিলাৰ খানপুৰতো আম্বেদকাৰৰ মূৰ্তিৰ হাত এখন এৰুৱাই পেলাইছিল বুলি জানিব পৰা গৈছে৷ পাছত আৰক্ষীয়ে সেই ঠাইত নতুন মূৰ্তি স্থাপন কৰাৰ নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে ত্ৰিপুৰাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতেই বিজেপিৰ সমৰ্থকে বিজয়ত উন্মাদ হৈ লেনিনৰ মূৰ্তি ধ্বংস কৰিছিল৷ তাৰ পাছৰে পৰা সমগ্ৰ দেশতে মহান মনীষী সকলৰ মূৰ্তি ধ্বংস কৰাৰ কোপ বাঢ়ি আহিছে৷

আজমগঢ়ৰ ঘটনাৰ পূৰ্বে পশ্চিম বংগ, তামিলনাডু আৰু উত্তৰপ্ৰদেশৰ মেৰঠত দুৰ্বৃত্তই বিশ্বৰ মহান পুৰুষৰ প্ৰতিমূৰ্তি ধ্বংস কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত দিনত প্ৰতিমূৰ্তি ধ্বংস কৰাৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল৷ এই ঘটনাৰ বাবে গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্যতে সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ ইয়াৰ লগতে গৃহ মন্ত্ৰণালয়ে এই ঘটনাক ৰোধ কৰিবৰ বাবে কু-কাৰ্যত জড়িত লোকসকলৰ প্ৰতি কঠোৰ হোৱাটো প্ৰয়োজন বুলি কয়৷