মেছেৰ আলী আহমেদঃ
লকডাউনত জনজীৱন একপ্ৰকাৰ অচল হৈ পৰিছে। চাৰিওফালে হাহাকাৰ পৰিবেশ।
তাৰ মাজত এচাম যুৱক যুৱতীৰ সাংস্কৃতিক প্ৰেমৰ ফচল "ভোগ"।

'সাংস্কৃতিক জগতৰ নৱ সংযোজন 'ভোগ'

পৰিবেশৰ প্ৰভাৱত মানুহে কিছুমান নতুন গুণ অৰ্জন কৰিব পাৰিলে ই ফুলৰ দৰে ফুলি উঠে। মানৱ সম্পদ কেৱল শৈক্ষিক দিশতে আৱদ্ধ হৈ নাথাকে । মানুহৰ প্ৰতিভাও এক মূল্যবান সম্পদ। কোচ ৰাজ্যৰ ৰজা চণ্ডীবৰুৱাৰ ঐতিহ্য মণ্ডিত এসময়ৰ ৰাজ হাউলীৰ আৰু বৰ্তমান বৰপেটা জিলাৰ হাউলীৰ ইতিহাস লুটিয়াই চালে বহু মানৱ সম্পদ বিচাৰি পোৱা যায়। আজিও প্ৰকৃত পৰিবেশৰ অভাৱত জন্মগত প্ৰতিভাও মৰহি যোৱাৰ উদাহৰণ আছে। প্ৰতিভাৰে লুকাই আছে বহু মানৱ সম্পদ । হাউলীৰ চুকে কোনে লুকাই থকা প্ৰতিভাৰ ভিতৰত নৱ আত্মপ্ৰকাশ কৰা  হাউলীৰ উদীয়মান যুৱক কিশোৰ বায়ন, চম্পক কুমাৰ নাথ আৰু শৈলেন নাথ ।চুটি ছবি 'ভোগ' নিৰ্মানেৰে অসমৰ  সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁলোকে  বিশেষ অৰিহনা  আগবঢ়াইছে।

 'ভোগ' ক লৈ গৌৰবাম্বিত হাউলীবাসী।

কিশোৰ বায়নৰ প্ৰযোজনাত, চম্পক কুমাৰ নাথ আৰু শৈলেন নাথৰ পৰিচালনাত নিৰ্মাণ কৰা চুটি ছবি "ভোগ" ৰ মুখ্য ভূমিকাত অভিনয় কৰিছে কপিল চৌধুৰী, পুৰৱী চক্ৰবৰ্তী আৰু শিশু শিল্পী অংকিতা পাঠকে।  প্ৰৱালদ্বীপ দাসে চিত্ৰ গ্ৰহণ আৰু সম্পাদনা কৰা আৰু হাউলীৰ অন্যান্য কলাকুশলীৰ দ্বাৰা নিৰ্মিত ছুটি কথা ছৱি "ভোগ" ৰ শুভমুক্তি দিয়া হয় যোৱা ৫ ছেপ্টেম্বৰত। হাউলী সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ভোগ" ৰ শুভমুক্তি অনুষ্ঠানত চুটি কথা ছবিখনত নবীন শিল্পী সকলৰ অভিনয় প্ৰত্যক্ষ কৰি প্ৰশংসাত পঞ্চমুখহৈ পৰে  উপস্থিত দৰ্শক। । লুকাই থকা উক্ত নবীন শিল্পী সকলৰ প্ৰতিভা যে এদিন বহ্নিমান লুইতৰ দৰে অসমৰ বুকুত চিৰ প্ৰভাহিত হৈ ৰব সেয়া অনুমান কৰিব পাৰি "ভোগ" নামৰ ছুটি কথা ছৱি খনৰ পৰাই । এনেকুৱা প্ৰতিভাই আমাৰ নৱ প্ৰজন্মক এক মানৱ সম্পদ গঢ়াৰ প্ৰতি উৎসাহিত কৰাৰ বাবে হাউলীবাসী গৌৰবান্বিত হৈ পৰিছে।