74
ডিজিটেল ডেস্কঃ আইছিছক লক্ষ্য কৰি আফগানিস্তানত বৃহৎ অ-পাৰমাণৱিক আক্ৰমণ সংঘটিত কৰিছে আমেৰিকাই। স্থানীয় সময় অনুযায়ী সন্ধিয়া ৭.৩২ বজাত মাৰ্কিন সেনাই দেশখনৰ নানগাৰহাৰ প্ৰদেশৰ আচিন জিলাত আইছিছে গোপনে স্থাপন কৰা সুৰংগ শিবিৰক লক্ষ্য কৰি এই আক্ৰমণ চলায়।
আইছিছ বিৰোধী এই অভিযানত ব্যৱহাৰ কৰা হৈছে জি বি ইউ-৪৩/বি বোমা। এখন বিশেষ মাৰ্কিন সামৰিক বিমানেৰে উক্ত সুৰংগ ঘাটিক লক্ষ্য কৰি সংঘটিত কৰা হয় এই আক্ৰমণ।