♦ ব্ৰহ্মপুত্ৰ নদত খহনীয়াৰ কাল ৰূপ ধাৰণ  

♦ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তীব্ৰ ক্ষোভ 

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ আজিও সুৰক্ষিত নহয় বিশ্বনাথ পানপুৰ মথাউৰি৷ মথাউৰিটোৰ সুৰক্ষাৰ বাবে মথাউৰিৰৰ দাঁতিত পৰা জিঅ’ মেটৰ কাম আজিও সম্পূৰ্ণ নহ’ল৷ ঠায়ে ঠায়ে এতিয়াও  নপৰিল জিঅ’ মেট৷

দুবছৰে ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে জিঅ’ মেটৰ কাম৷ ফলত বাৰিষাৰ বানে যিকোনো মূহুৰ্ততে খহাই নিব পাৰে মথাউৰিটো৷ ইয়াৰ উপৰি মথাউৰিটোৰ কাষত নৈৰ পাৰত বাস কৰা লোকসকলৰ জীৱনৰ প্ৰতি আহিছে চৰম ভাবুকি৷

নৈৰ কাল ৰূপে খহাই নিছে চপৰা চপৰে মাটি৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে কেইবাটাও মছজিদৰ লগতে কেইবাখনো বিদ্যালয়৷ 

উল্লেখ্য যে ২০১২ চনত এই বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ চতিয়া আৰু জামুগুৰিহাটৰ প্ৰায় ২ সহস্ৰাধিক গাঁও পানীৰ তলত বুৰ গৈছিল। যাৰ বাবে হাজাৰ হাজাৰ পশুধন তথা মানৱ সম্পদৰ যথেষ্ট ক্ষতি সাধন হৈছিল|

ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগৰ চৰম হেমাহিৰ বাবেই আজিও সুৰক্ষিত নহয় মথাউৰিটো। এই গুৰুতৰ অভিযোগ বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

শুকুৰবাৰে পৰিষদৰ এটা সজাতি দলে বিশ্বনাথ পানপুৰৰ মথাউৰি সুৰক্ষাৰ বাবে দিয়া জিঅ’ বেগ আৰু জিঅ’ মেট তথা গৰাখহনীয়াৰ কামৰ বুজ লৈ উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ।

বিশ্বনাথ আৰু চতিয়া সমষ্টিৰ শতাধিক গাঁৱলৈ পুনৰ ২০১২ চনৰ বানৰ দৰে নামি আহিব পাৰে  ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ। মাথাউৰি নিৰ্মাণ আৰু খহনীয়া ৰোধৰ বাবে আৱন্টিত কোটি কোটি টকা বিষয়া-ঠিকাদাৰসকলে আত্মসাৎ কৰি যমৰ যাতনা ভূগাইছে সৰ্বসাধাৰণ ৰাইজক। 

নিৰ্মীয়মান মাথাউৰি কেইবা ঠাইতো জহি খহি যোৱাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল হাকিম চিকদাৰ, সাধাৰণ সম্পাদক নাজিৰ আহমেদ আৰু বাহাজুদ্দিন জাকাৰীয়াই উল্লেখ কৰে যে অতি মাত্ৰাৰ বৰষুণৰ ফলতেই কালৰূপ ধাৰণ কৰিব পাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া।

যাৰ ফলত শতাধিক গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হ’ব সংকটময় পৰিস্থিতিৰ। সৰ্বসাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাকেইগৰাকীয়ে কয় যে জলসম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই নৈ পৰীয়া ৰাইজক লৈ হেতালি খেলাৰ অধিকাৰ ক'ত পালে?

অতি সোনকালেই বিশ্বনাথৰ এই গৰাখহনীয়াৰ কাম অসম চৰকাৰক বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে, অন্যথা সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাইজৰ সহযোগত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।

আনহাতে বিশ্বনাথ সমষ্টিৰ শলমাৰী, ভোজমাৰী, কুমলীয়া, কৰৈয়নী আৰু দক্ষিণ চতিয়াৰ শ শ লোকে মাটি-বাৰী আদি সম্পত্তি নৈৰ মাজত হেৰুৱাই অঘৰীৰ দৰে জীৱন যাপন কৰি আছে, তেনে স্থলত চৰকাৰে এই লোকসকলক কোনোধৰনৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাটোও অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদে।