বিলাসীপাৰাঃ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমান তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য। একেই অৱস্থা পৰিলক্ষিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বিভিন্ন গাঁৱত। আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্বিতা কৰিব ১১১ নং শগুণমাৰী গাঁৱ পঞ্চায়তৰ সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী জহিৰুল ইছলাম আহমেদ।

যোৱাকালি সন্ধিয়া এখন নিৰ্বাচন প্ৰচাৰ সভাত প্ৰায় ৩ শতাধিক ৰাইজৰ উপস্থিতিত তেওঁ বিভিন্ন সমস্যাৰ সমাধান তথা গাঁৱৰ উন্নয়নৰবাবে কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে। 

আনহাতে, একেখন গাঁওৰে ১১১ নং শগুণমাৰী গাওঁ পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্বিতা কৰিব সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (AIUDF) দলৰ হৈ ৰসিদ আহমেদ৷ তেওঁৰ নিৰ্বাচন প্ৰচাৰ সভাত উপস্থিত থাকে বিভিন্ন সমাজ কৰ্মী আৰু ২০০ শতাধিক ৰাইজ। দলৰ আদৰ্শ আৰু ৰাইজৰ সুবিধাৰ হকে কাম কৰি যাব বুলি তেওঁ নিজৰ মতামত প্ৰকাশ কৰে।