বিলাসীপাৰাঃ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত পানবাৰী জিলা পৰিষদ সদস্যা পদৰ কংগ্ৰেছ দলৰ ৰেহেনা পাৰিবনে বিজয়ী হোৱা উপলক্ষে শুকুৰবাৰে বিয়লি চাৰি বজাত বয়জেৰ আলগা গাঁও পঞ্চায়তৰ মায়াৰ চৰ বজাৰ প্ৰাংগণত এখন বিজয়ী সভা অনুষ্ঠিত কৰে।

সভাত সভাপতিত্ব কৰে বয়জেৰ আলগা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি গিয়াছ উদ্দিনে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে কংগ্ৰেছ কৰ্মী শাহজাহান আলী আহমেদে। বিজয়ী সভাখনত পানবাৰী জিলা পৰিষদ সদস্যাৰ হৈ তেওঁৰ স্বামী তথা প্ৰাক্তন পানবাৰী জিলা পৰিষদ সদস্য ৰেজ্জাক আলী আহমেদৰ লগতে নায়েৰ আলগা সমবায় সমিতি চেয়াৰমেন ছাদেক আলী আহমেদ, বিলাসীপাৰাস্থ সাংবাদিক ফৰিছ উদ্দিন আহমেদ, আমছুৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি জহিৰুল ইছলাম, কংগ্ৰেছ কৰ্মী শাহজাহান আলী আহমেদকে ধৰি বিভিন্ন গন্য-মান্য ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

উক্ত সভাত মুখ্য অতিথি হিচাপে পানবাৰী জিলা পৰিষদ সদস্যাৰ স্বামী ৰেজ্জাক আলী আহমেদে ভাষণ প্ৰসংগত কয় যে আগন্তুক পানবাৰী সমষ্টিৰ অন্তৰ্গত সকলো পঞ্চায়তে উন্নয়নমূলক কাম কৰিব বুলি আস্থা প্ৰদান কৰাৰ লগতে ৰাইজৰপৰা দোৱা আৰ্শীবাদ কামনা কামনা কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে দেশৰ শান্তিৰ হকে কংগ্ৰেছ দলক আগন্তুক লোকসভা নিৰ্বাচনত ভোট দিবলৈ আহ্বান জনায়। তেওঁ এ আই ইউ ডি এফ দলৰ কাৰ্য-কলাপ সম্পৰ্কে তীব্ৰ সমালোচনা কৰে। সভাত  নায়েৰ আলগা মবায় সমিতি চেয়াৰমেন ছাদেক আলী আহমেদ, জহিৰুল ইচলামে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত সভাত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।