newsnextone.com | বিলাসীপাৰাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যজুৰি৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা উত্তাল কৰে কংগ্ৰেছে।

বিলাসীপাৰা ৰাজীৱ ভৱনৰ পৰা বিধেয়ক খন বাতিলৰ দাবীত কংগ্ৰেছে উলিয়াই এক প্ৰতিবাদী সমদল৷ বিলাসীপাৰা, চাপৰ, মহামায়া আৰু নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উদ্যোগত হিন্দু বাংলাদেশীক সংস্থাপন তথা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে কংগ্ৰেছে। 

বিলাসীপাৰা ৰাজীৱ ভৱনৰ পৰা বিলাসীপাৰাৰ ৰাজহ চক্ৰ বিষয়াক কাৰ্যালয়লৈ দিনৰ ১১ বজাত সমদল কৰি গৈ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত স্মাৰক পত্র প্ৰদান কৰে।

বিলাসীপাৰা চাৰিখন ব্লক কংগ্ৰেছৰ সভাপতিসকলে শৰীৰত অন্তিম টোপাল তেজ থকালৈকে হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে যুঁজি যাম বুলি কয়৷