newsnextone.com | কাজিৰঙাঃ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান দ্য কৰবেট ফাউণ্ডেচন আৰু সেউজ বাৰ্তাৰ উদ্যোগত মঙলবাৰে কাজিৰঙাত উদযাপন কৰা হয় ২৫ সংখ্যক বিশ্ব জৈৱ বৈচিত্ৰ দিৱস। বিভিন্ন অনুষ্ঠানৰ লগতে জৈৱ বৈচিত্ৰৰ দিৱসৰ সৈতে সংগতি ৰাখি চিত্ৰশিল্পী পাপু ঘোষৰ নেতৃত্বত কেইবাখনো বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দেৱালত অংকণ কৰে। নৱ প্ৰজন্মক এক সুস্থ বাতাবৰণ দিয়াৰ আশা প্ৰকাশ কৰি প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত দেৱাল অংকণ কৰে। 

মঙলবাৰে পুৱাই হাতে হাতে ৰং-তুলিকা লৈ ওলাই আহে এজাক কণমানি। কণমানিসকলক উৎসাহিত কৰিবলৈ ওলাই আহিল কাজিৰঙা আৰু নগাঁৱৰ বহু চিত্ৰশিল্পী। বিশ্ব জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে ইখনৰ পাছত সিখন ছবি অংকণ কৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃতি ৰক্ষাৰ আহ্বান জনায়৷

উল্লেখ্য যে, কাজিৰঙাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পকী বেৰত কাজিৰঙাৰ শিল্পী পাপু ঘোষে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, বাঘ, ম’হ আৰু বিগ ফাইভ হিচাপে পৰিচিত প্ৰাণীৰ ভাস্কৰ্য প্ৰস্তুত কৰে। আমি কাজিৰঙাৰ গৌৰৱ শীৰ্ষক এই শিল আৰু চিমেণ্টৰে নিৰ্মিত ভাস্কৰ্য শিল্পী পাপু ঘোষে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। 

ইয়াৰ উপৰিও ৰাজ্যখনৰ বিখ্যাত শিল্পী নগাঁৱৰ প্ৰশান্ত বৰদলৈ, কাজিৰঙাৰ অৱসৰ প্ৰাপ্ত বনবিষয়া তথা শিল্পী চিন্ময় ধৰ, বনকৰ্মী তৰুণ গগৈৰ লগতে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়, কাজিৰঙা শংকৰদেৱ শিশু বিদ্যা নিকেতন, কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুল, কহঁৰা ৰাইজিং চান ইংলিছ স্কুল, কাজিৰঙা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, পল্লৱী দলে আদিকে ধৰি বিদ্যালয়ৰ পকী বেৰত বন্যপ্ৰাণীকে ধৰি বিভিন্ন জৈৱ বৈচিত্ৰ্যৰ চিত্ৰ অংকন কৰে। 

আনহাতে, জৈৱ বৈচিত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিশিষ্ট লোকে মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, শিল্পী প্ৰশান্ত বৰদলৈ, অৱসৰ প্ৰাপ্ত বনবিষয়া চিন্ময় ধৰ, গোলাঘাট জিলাৰ ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উদয়ন ফুকন, সেউজ বাৰ্তাৰ সম্পাদক বুবুল শৰ্মা, কৰবেট ফাউণ্ডেচনৰ কৰ্মকৰ্তা ড০ নবীন পাণ্ডে, দিব্যজ্যোতি শইকীয়া আদিয়ে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। 

অনুষ্ঠানত কাজিৰঙা সংবাদকৰ্মী মনোজ প্ৰতিম শইকীয়া, কাজিৰঙাৰ আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহা, অলক জ্যোতি শইকীয়া, কাৰ্যকৰী সভাপতি নীলপদ্ম শৰ্মা, বিতোপন বৰা, পলিমা চেতিয়া বসুমতাৰীয়ে কাৰ্যসূচীত সহযোগ আগবঢ়ায়। বিদ্যালয়সমূহৰ পকী বেৰত জাতীয় সংগঠন ৰাজনৈতিক দলৰ লিখনিৰ পৰিৱৰ্তে বন্যপ্ৰাণী বা জৈৱ বৈচিত্ৰ্যৰ চিত্ৰ অংকন কৰিবলৈ আয়োজকে আহ্বান জনায়।