নতুন দিল্লীঃ পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীয়ে জৈৱ ইন্ধন ব্যৱহাৰ কৰি এখন বিমান পৰীক্ষামূলকভাৱে উৰুৱায়৷
সোমবাৰে বেংগালুৰুত এ এন-৩২ নামৰ মালবাহী বিমানখনৰ উৰণ সফলতাৰে সমাপ্ত কৰা হয়৷
ভাৰতীয় বায়ু সেনা বাহিনী, ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেচন, ডাইৰেক্টৰেট জেনেৰেল এৰ’নেটিকেল ৱালিটী এছিঅ’ৰেন্স আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব পেৰ্ট্ৰ'লিয়ামৰ সহযোগত এই পৰীক্ষা সম্পন্ন কৰা হয়৷
উল্লেখ্য যে, এয়াৰ চিফ মাৰ্শ্বেল বি এছ ধানুৱাই যোৱা ২৭ জুলাইতে এই সন্দৰ্ভত ঘোষণা কৰিছিল৷ আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডত এই জৈৱ ইন্ধন চালিত বিমানখন প্ৰদৰ্শন কৰা হ’ব৷
এই জৈৱ ইন্ধন ব্যৱহৃত বিমানখনত দহ শতাংশ জৈৱ ইন্ধন ব্যৱহাৰ কৰা হয়৷ বিমানখনত ব্যৱহাৰ কৰা এই ইন্ধন জেট্ৰ'ফা নামৰ গছৰপৰা নিষ্কাষণ কৰা হয়৷