17
May
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ সাংবাদিক সুৰক্ষা মঞ্চ, অসমে শুকুৰবাৰে বিহালীৰ বৰগাংস্থিত হাই স্কুলত অনুষ্ঠিত পৰাগ কুমাৰ দাসৰ ২৪ সংখ্যক মৃত্যু দিৱসত বিহালীৰ জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেলক সম্বৰ্ধনা জ্ঞাপন কৰে।
বিহালীৰ অতি ভিতৰুৱা অঞ্চলৰপৰা সাংবাদিকতা আৰম্ভ কৰি ২৫ বছৰ সম্পূৰ্ণ কৰা লুইটেলক সমর্ধনা-পত্র, জাপি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
তেওঁ অসমীয়াৰ উপৰিও হিন্দী আৰু নেপালী ভষাতো লিখা-মেলা কৰে। বিহালী প্রেছ ক্লাবৰ সম্পাদক খগেন মটক, সাংবাদিক আব্দুল বাৰেক, সমাজকৰ্মী লক্ষীকান্ত শৰ্মা, জয় কুমাৰ সুতাৰ, টিকাৰাম শৰ্মা, দীপা ছেত্রী, সমাজ কর্মী কিশোৰ হাজৰিকা, ঘনশ্যাম বৰাল, গজেন শৰ্মা, হুকুম গৌতম, নিৰ্মল চেত্রী আদিয়ে শুভেচ্ছা জনাইছে জ্যেষ্ঠ সাংবাদিকগৰাকীক।