ডিফুঃ বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই মিত্ৰ দল অগপক একাষৰীয়াকৈ থৈ অৱশেষত ২০১৭ কাৰ্বি পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী তালিকা অনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজ্যিক বিজেপিয়ে৷ ২৬ পৰিষদীয় সমষ্টিত ক্ৰমে ১নং দুৱাৰ আমলাত প্ৰভাত চন্দ্ৰ তাৰ’, ২নং আমৰিত ধনিৰাম মাচলাই, ৩নং চিনমং সমষ্টিত প্ৰদীপ ৰংপি, ৪নং চছেঙত ৰূপছিং টেৰণ, ৫নং ৰংখাংসমষ্টিত হৰেণাচিংৱে’ক প্ৰাৰ্থীত্ব প্ৰদান কৰে।
একেদৰে ৬নং বিখুং ৰেংখামাত তুলিৰাম ৰংহাতি, ৭নং কপিলী পৱন কুমাৰ, ৮নং হামৰেণ মংগলছিং তিমুতি, ৯নং আখৰেং তেৰংপী, ১০নং হাওৰাঘাট খৰছিং ৰংপি, ১১নং লাংফেৰ ৰামচিং তিমুতি ১২নং ফুলনি দৰাছিং ৰংহাং, ১৩নং লাংহিং থৰেন্দ্ৰ ব্ৰহ্ম, ১৪নং কৰকান্ঠিত ৰাজু তিছ’ৱে প্ৰাৰ্থীত্ব লাভ কৰে।