খেৰণিঃ কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ পৰিষদীয় আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ কাৰ্বি আংলঙতে নিৰ্বাচনী আয়োগৰ ব্যাপক প্ৰস্তুতি আৰু জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতাৰ মাজতে নিৰ্দলীয় প্ৰাৰ্থী ধনছিং ক্ৰই অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে।

আজি ৭ নং কপিলি পৰিষদীয় সমষ্টিৰ পৰা শক্তিশালী ৰূপত থিয় দিয়া একালৰ বিজেপি নেতা তথা বৰ্তমানৰ নিৰ্দলীয় প্ৰাৰ্থী ধনছিং ক্ৰই উল্লেখিত সমষ্টিটোৰ মেনগাওঁত নিৰ্বাচনকেন্দ্ৰীক অস্থায়ী কাৰ্য্যালয়ৰ দুৱাৰ মুকলি কৰি কয় যে বিজেপিয়ে অকলে এই ৰণত জয়ী হ’ব নোৱাৰে।

পাহাৰীয়া ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰ হ’বই বুলি দাবী কৰে ক্ৰই। কাৰ্বি আংলঙত বিজেপিত বিসম্বাদ সৃষ্টি হোৱা বুলি কোৱা ধনছিঙে আগন্তুক সময়ত বিজেপি জয়ী হ’লেও তাতে মিত্ৰজোঁটৰ চৰকাৰহে গঠন কৰিবলৈ গেৰুৱা দলটো বাধ্য হ’ব বুলি সাজোৰে দাবী কৰে ধনছিঙে।

ইপিনে হাজাৰৰো অধিক বিজেপি নেতা-কৰ্মী, সমৰ্থকৰ উপস্থিতিত ২০ নং বৈঠালাংছ বিধান সভা সমষ্টিৰ বিধায়ক ডা° মানছিং ৰংপি, পৰিষদীয় বিভাগীয় অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰন, ৰঞ্জিত বে, বিজেপি নেতা হাৰমন বে, চাৰমেন ফাংছ, বিদ্যাছিং তিছ’, জয়ছিং ৰংহাঙৰ সৈতে নিৰ্বাচনী ডংকা বজোৱা বিজেপিৰ প্ৰাৰ্থী মংগলছিং তিমুঙে পিছে সম্পুৰ্ণ বিপৰীত মন্তব্য কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

পাৰ্বত্যভূমিত সংখ্যা গৰিষ্ঠতাৰে বিজেপি চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে তিমুঙে৷ সমগ্ৰ দেশত বিজেপিৰ জনপ্ৰিয়তাৰ প্ৰভাৱ পাহাৰীয়া ৰাজ্যখনতো পৰা বুলি একপ্ৰকাৰ খাটাংকৈ কয় তিমুঙে। সভাত ডা. ৰংপিয়েও কয় যে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত থকা ৯ টাকৈ পৰিষদীয় সমষ্টিতে বিজেপি জয়ী হোৱাটো খাটাং, তাতে কোনো সন্দেহ নাই।