newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈ বিয়লি সমাপ্ত হয়৷ ফলাফল অনুসৰি বিজেপিয়ে ১০৪ খন আসনত জয়ী হয়৷ আনহাতে কংগ্ৰেছে ৭৮ খন আসন আৰু জেডিএছে ৩৮ খন আসন লাভ কৰে৷
পুৱাৰে পৰা ৫ বছৰৰ মূৰকত পুনৰ শাসনৰ গাদী দখল কৰিব বুলি বিজেপিক আশংকা কৰা হৈছিল যদিও বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে৷ পূৰ্বে অনুমান কৰি অনুসৰিয়ে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰাৰ সম্ভাৱনাই দেখা দিছে৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছিল৷