newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ দিল্লীৰ প্ৰদেশ অধ্যক্ষ মনোজ তিৱাৰীয়ে মঙলবাৰে কয় যে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলৰ ধৰ্ণা গণতন্ত্ৰৰ বাবে উপহাস স্বৰূপ৷

কেজিৰৱাল আৰু তেওঁৰ মন্ত্ৰীসভাৰ ৩ গৰাকী মন্ত্ৰীয়ে সোমবাৰৰ পৰা উপ-ৰাজ্যপাল অনিল বৈজলৰ আৱাসত বাহৰ পাতি আছে৷ দিল্লীত ধৰ্মঘট পালন কৰি থকা আইএএছ বিষয়াসকলক কৰ্মত যোগদানৰ বাবে নিৰ্দেশ দিয়া, বিগত ৪ মাহে কৰ্মত বাধা প্ৰদান কৰি অহা আইএএছ বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আদি দাবী উত্থাপন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ ৩ গৰাকী মন্ত্ৰীয়ে উপ-ৰাজ্যপালৰ আৱাসত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰি আছে৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ দিল্লীৰ প্ৰদেশ অধ্যক্ষ মনোজ তিৱাৰীয়ে৷ তেওঁ টুইট যোগে কয়, ‘গণতন্ত্ৰক এওঁলোকে উপহাস কৰি আছে৷ কাম বন নাই, কেৱল নাটক এইবোৰ৷’ আনহাতে বিধানসভাত নেতা বিজেন্দৰ গুপ্তাই কেজিৰৱালৰ ধৰ্ণা কামৰ পৰা পলায়ন কৰাৰ বাবে এক বাহানা বুলি কটাক্ষ কৰে৷

গুপ্তাই টুইট যোগে কয়, ‘শীত-তাপ নিয়ন্ত্ৰিত কোঠাত ধৰ্ণাৰ নামত ভৰি জোকাৰি বহি আছে দিল্লীৰ মালিক অৰবিন্দ কেজিৰৱাল, মনীষ চিচোদিয়া, সত্যেন্দ্ৰ জৈন আৰু গোপাল ৰায়ে৷ তেওঁলোকলৈ বাহিৰৰ পৰা সুস্বাদু আহাৰ যোগান ধৰা হৈছে আৰু আনফালে দিল্লীৰ জনতাই এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ নিজৰ দায়িত্বৰ পৰা পলায়ন কৰিবলৈ তেওঁলোকে এনে ধৰ্ণা ৰূপায়ন কৰিছে৷’

ইফালে উপ-ৰাজ্যপাল কাৰ্যলয়ে কেজিৰৱাল আৰু দিল্লী মন্ত্ৰীসভাৰ মন্ত্ৰী সকলৰ ধৰ্ণাৰ বিষয়ে আলোচনা কৰি কয় যে কোনো কাৰণ নহোৱাকৈ কৰা ধৰ্ণা মাত্ৰ এক প্ৰদৰ্শনৰ বাহিৰে আন একো নহয়৷