newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ দিল্লীৰ প্ৰদেশ অধ্যক্ষ মনোজ তিৱাৰীয়ে মঙলবাৰে কয় যে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলৰ ধৰ্ণা গণতন্ত্ৰৰ বাবে উপহাস স্বৰূপ৷
কেজিৰৱাল আৰু তেওঁৰ মন্ত্ৰীসভাৰ ৩ গৰাকী মন্ত্ৰীয়ে সোমবাৰৰ পৰা উপ-ৰাজ্যপাল অনিল বৈজলৰ আৱাসত বাহৰ পাতি আছে৷ দিল্লীত ধৰ্মঘট পালন কৰি থকা আইএএছ বিষয়াসকলক কৰ্মত যোগদানৰ বাবে নিৰ্দেশ দিয়া, বিগত ৪ মাহে কৰ্মত বাধা প্ৰদান কৰি অহা আইএএছ বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আদি দাবী উত্থাপন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ ৩ গৰাকী মন্ত্ৰীয়ে উপ-ৰাজ্যপালৰ আৱাসত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰি আছে৷