তেজপুৰঃ বিজপি দলৰ মনোনিত প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ তেজপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলাবলৈ আহি বিজেপি দলৰ অসম প্ৰভাৰি মহেন্দ্ৰ সিঙে সংবাদমেল সম্বোধন কৰে। সংবাদ মেলত মোডী চৰকাৰক ভোট দি দেশৰ উন্নয়ণ আৰু প্ৰগতিৰ বাবে ভোট দিবলৈ ৰাইজক আহ্বান জনায় সিঙে।
সিঙে সংবাদ মাধ্যমৰ ওচৰত ৰাহুল গান্ধীয়ে দৰিদ্ৰ পৰিয়ালক ৭২ হেজাৰ টকাকৈ দিয়াৰ ঘোষণাক কটাক্ষ কৰে মহেন্দ্ৰ সিঙে।
তেওঁ লগতে ৰাহুল গান্ধীৰ চৰকাৰ নহয়, তেওঁ সেয়া জানেই৷ গতিকে যিকোনো ঘোষণাই কৰিব পাৰে বুলি উল্লেখ কয় আপুনি যদি বিজেপিক ভোট নিদিয়ে তেন্তে এই ৰাইজ উন্নয়ণৰ পৰা বঞ্চিত হব। আপোনাৰ ধৰ্ম নষ্ট হ’ব বুলি সংবাদ মেলত উল্লেখ কৰে।