বোকাজানঃ আগন্তুক কাৰ্বি পৰিষদীয় নিৰ্বাচন ১২ জুনত অনুষ্ঠিত হোৱাৰ কথা ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতেই পাহাৰীয়া জিলাখনত বসবাস কৰা জনসাধাৰণৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ চলি থকা জল্পনা-কল্পনাৰ ইতিমধ্যে অন্ত পৰে৷
জিলাখনৰ মুঠ ২৬টা পৰিষদীয় সমষ্টিত এতিয়া ৰাজনৈতিক দলৰ দলীয় প্ৰাৰ্থিত্বপ্ৰত্যাশী তথা ৰাজনৈতিক মহলত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বিজেপিৰ নিৰ্বাচনী তৎপৰতা আঠ নং হামৰেণ পৰিষদীয় সমষ্টিত দেখিবলৈ পোৱা গৈছে৷