আগৰতলাঃ দেওবাৰে ত্ৰিপুৰাত বিজেপিৰ বিজয় সংকল্প ৰেলী অনুষ্ঠিত হয়৷ আগৰতলাৰ আমবচাকে ধৰি দুখন ঠাইত বৃহৎ সভা ৰেলীত হাজাৰ হাজাৰ লোকে অংশ লয়৷ ৰেলীত অংশ গ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে মানিক সৰকাৰক তীব্ৰ সমালোচনা কৰে৷

যোৱা ২০ টা বছৰে চৰকাৰ চলাই ফেইল হোৱা বুলি কয় মুখ্যমন্ত্ৰী মানিক সৰকাৰক৷ মানিক সৰকাৰৰ পৰা ৰিপৰ্ট কাৰ্ড বিছাৰিবিলৈ ৰাইজক আহ্বান জনাই অমিত শ্বাহে৷ অমিত শ্বাহে দলিত আৰু ট্ৰাইবেলৰ উন্নয়ণৰ কথা কৈ আহিছে যদিও মানিক সৰকাৰৰ দিনত দলিত আৰু ট্ৰাইবেলৰ হত্যা হোৱা বুলি হে অভিযোগ উত্থাপন কৰে শ্বাহে৷ আজি ৰাজ্য খনত ৮৬ শতাংশ হিংসাৰ ঘটনা বৃদ্ধি পাইছে৷

৮৬ শতাংশ হিংসাৰ ভিতৰত মহিলাৰ হিংসা মহিলাৰ ওপৰত হোৱা হিংসা৷ ৬৭ শতাংশ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলৰ৷ ৮ লাখ যুৱক নিবনুৱা৷ ১০,৩২৩ শিক্ষকৰ পদ পৰিসমাপ্তি ঘটিল৷ ২০,০০০ হাজাৰ শিক্ষকৰ ভুৱা পদ সৃষ্টি কৰিছে মানিক সৰকাৰৰ শাসন কালত৷ ৯০ শতাংশ আঁচনিৰ ধন কেন্দ্ৰীয় চৰকাৰে দিয়াৰ পিছতো ৰাজ্য খনত উন্নয়ণ নোহোৱা বুলি কয়৷

ৰাজ্যিক বিজেপিৰ সভাপতি বিপ্লৱ দেই newsnextone.comক জনোৱা মতে, হিমাচল প্ৰদেশ, গুজৰাটৰ পিছত বিজেপিয়ে ত্ৰিপুৰা দখল কৰিবলৈ আগবাঢ়িছে বুলি কয়৷ ইতিমধ্যে এই অভিযান আৰম্ভ হৈছে বুলিও কয় দে’ই৷ আগৰতলা বিমান বন্দৰত অমিত শ্বাহ উপস্থিত হোৱাৰ পিছতে ৰাজ্যিক অতিথি শালাত বিজেপি নেতা-কৰ্মীৰে এখন বৈঠকত মিলিত হয়৷

বিজেপিয়ে বৰ্তমান ১৯ খন ৰাজ্যত শাসন কৰি থকাৰ লগতে কেন্দ্ৰত শাসন কৰি থকা দেশৰ বৃহৎ দল৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা, মেঘালয়, কৰ্নাটক, মিজোৰাম দখল কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷