71
গুৱাহাটীঃ অসম আন্দোলনৰ অন্যতম নেতা তথা বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰৰ এগৰাকী বিধায়ক অতুল বৰাৰ পিছত এইবাৰ জাতীয়তাবাদী শিৱিৰৰ পৰা বিজেপিলৈ গৈ বিধায়ক হোৱা পদ্ম হাজৰিকাই প্ৰস্তাবিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে৷
আজি নাগশংকৰত অনুষ্ঠিত হোৱা এখন দলীয় সভাত ভাষণ প্ৰংগত জাতীয়তাবাদী শিবিৰৰ এসমময়ৰ প্ৰভাবশালী নেতা পদ্ম হাজৰিকাই নিজৰ আবেগ ধৰি ৰাখিব নোৱাৰিলে আৰু কৈ পেলালে মনৰ কথা ।