গুৱাহাটীঃ অসম আন্দোলনৰ অন্যতম নেতা তথা বৰ্তমানৰ অসমৰ  বিজেপি চৰকাৰৰ এগৰাকী বিধায়ক অতুল বৰাৰ পিছত এইবাৰ জাতীয়তাবাদী শিৱিৰৰ পৰা বিজেপিলৈ গৈ বিধায়ক হোৱা পদ্ম হাজৰিকাই প্ৰস্তাবিত নাগৰিকত্ব আইন  সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে৷ 

আজি নাগশংকৰত অনুষ্ঠিত হোৱা এখন দলীয় সভাত ভাষণ প্ৰংগত জাতীয়তাবাদী শিবিৰৰ এসমময়ৰ প্ৰভাবশালী নেতা পদ্ম হাজৰিকাই নিজৰ আবেগ ধৰি ৰাখিব নোৱাৰিলে আৰু কৈ পেলালে মনৰ কথা ।

এসময় জাতীয়তাবাদী নেতা তথা বৰ্তমানৰ বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে ‘'মই এই অসমৰ জাতীয় স্বাৰ্থত এই বিধেয়কখন কোনো কাৰণতে সমৰ্থন নকৰো ৷ মই সদায় মোৰ ৰাজ্যখনৰ বাবেই ৰাজনীতি কৰিছোঁ আৰু ৰাজ্যখনৰ বাবেই সদায় চিন্তা কৰিম৷"

উল্লেখযোগ্য যে দিশপুৰত শাসনত অধিস্থিত বিজেপি চৰকাৰখনৰ এই বিধেয়কখনৰ বিৰোধিতা কৰা পদ্ম হাজৰিকা বিজেপিৰ দ্বিতীয়জন বিধায়ক । ইয়াৰ আগতে বিজেপি বিধায়ক অতুল বৰাই  এই নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি থৈছে ৷