newsnextone.com | ডিজিটেল ডেস্কঃ ফেচবুকত জ্যেষ্ঠ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগত সোমবাৰে আৰক্ষীয়ে মধ্য প্ৰদেশৰ বিজেপি বিধায়ক উমা দেৱীৰ ১৯ বৰ্ষীয় পুত্ৰ প্ৰিন্সদ্বীপক আটক কৰে৷ উল্লেখ্য যে, উমা দেৱী মধ্য প্ৰদেশৰ দমোহ জিলাৰ হতা বিধানসভাৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াই জয়লাভ কৰিছিল৷ হতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰ সিঙে জানিবলৈ দিয়া মতে, স্থানীয় কংগ্ৰেছ নেতাই বিধায়ক পুত্ৰ প্ৰিন্সদ্বীপৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্তক আটক কৰে৷
জানিব পৰা মতে, বিজেপি বিধায়ক উমা দেৱীৰ পুত্ৰই ফেচবুকত সিন্ধিয়াৰ বিৰুদ্ধে এক আপত্তিজনক পোষ্ট কৰি কৈছিল যে যদি সিন্ধিয়া কেতিয়াবা হতালৈ আহে তেন্তে তেওঁক গুলিয়াই হত্যা কৰা হ’ব৷ ইয়াৰ পিছতে বিধায়ক পুত্ৰৰ বিৰদ্ধে যুৱ কংগ্ৰেছৰ নেতা অনুৰাগ বৰ্ধনে এখন এজাহাৰ দাখিল কৰে৷ তাৰ পিছতেই বিধায়ক উমা দেৱীয়ে পুত্ৰৰ সৈতে স্বয়ং আৰক্ষী থানাত উপস্থিত হৈ পুত্ৰক আটক কৰিবলৈ নিৰ্দেশ দিয়ে৷