ডিজিটেল ডেস্কঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। প্ৰায় দুঘণ্টা ধৰি দলৰ শীৰ্ষ নেতাসকলৰ সৈতে চলা বৈঠকৰ অন্তত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰে প্ৰাৰ্থীগাৰকীৰ নাম।

এই অনুযায়ী এইবাৰ বিজেপি তথা এন ডি এৰ হৈ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদটোৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব বিহাৰৰ ৰাজ্যপাল ৰাম নাথ কোবিন্দে। কোবিন্দ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্বতো আছিল। দলৰ দলিত মৰ্চাৰ শীৰ্ষ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰিছিল কোবিন্দে।

♦ ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় শেহতীয়া ১০ টা আপডেটঃ

১৷ দলিত সম্প্ৰদায়ৰ নেতা ৭১ বৰ্ষীয় ৰাম নাথ কোবিন্দে ৩ বছৰ ধৰি বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

২৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ নেতা মনমোহন সিঙৰ লগতে কেবাগৰাকী বিৰোধী নেতাক বিজেপিৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে বুলি জনাইছে অমিত শ্বাহে৷

৩৷ প্ৰাৰ্থী ঠিৰাং কৰাৰ পূৰ্বে কিমানগৰাকীৰ মাজৰ পৰা ৰাম নাথ কোবিন্দক মনোনীত কৰা হৈছে সেই সম্পৰ্কে জনোৱাৰ পৰা বিৰত আছে বিজেপিৰ সভাপতিগৰাকী৷

৪৷ সোমবাৰে পুৱাৰ ভাগত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে চৰকাৰে মনোনীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰোতে অযথা পলম কৰিছে৷ ‘তেওঁলোকে এতিয়ালৈকে কোনো নাম ঘোষণা কৰা নাই৷ আমি ২-৩ দিন অপেক্ষা কৰিব পাৰো, কিন্তু দীঘলীয়া সময় ধৰি অপেক্ষা কৰাতো সম্ভৱ নহয়৷’-নীতিশৰ অভিযোগ৷

৫৷ অমিত শ্বাহে কালি শিৱসেনাৰ সমৰ্থন পাবলৈ মুম্বাইত উপস্থিত হৈছিল৷ শিৱসেনাৰ মূৰব্বী উদ্ধৱ থাকৰেই বিজ্ঞানী তথা সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱতৰ নাম উল্লেখ কৰিছিল৷

৬৷ যদিহে নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাতো নিশ্চিত বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে৷ কিয়নো আঞ্চলিক দলসমূহেও শাসকীয় বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷

৭৷ বিজেপিয়ে সহযোগী শিৱসেনা আৰু বিৰোধী দলৰ পৰা পৰামৰ্শ ল’বৰ বাবে তিনি জ্যেষ্ঠ মন্ত্ৰী ক্ৰমে ৰাজনাথ সিং, অৰুণ জেটলী আৰু ভেংকায়া নাইডুক দায়িত্ব প্ৰদান কৰিছিল৷

৮৷ শুকুৰবাৰে বিজেপিৰ প্ৰতিনিধিবৰ্গই কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু চিপিএমৰ য়েছুৰীক সাক্ষাৎ কৰিছিল৷

৯৷ বিজেপিৰ সকলো সাংসদ আৰু মন্ত্ৰীকে দিল্লীলৈ ৰাষ্ট্ৰপতি পদৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া চূড়ান্ত কৰিবলৈ তলৱ কৰা হৈছে৷

১০৷ আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে সকলো আনুষ্ঠানিকতা সম্পন্ন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷