photo by Saidul Islam, NNO Diphu
photo by Saidul Islam, NNO Diphu

ডিফুঃ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ২৹১৭ নিৰ্বাচনৰ বাবে সৰ্ব শক্তিৰে প্ৰস্তুতি চলাইছে বিজেপিয়ে৷ শক্তি প্ৰদৰ্শনৰ বাবে সদৰ চহৰ ডিফুত আজি  দলটোৱে বৃহৎ ৰেলী উলিয়ায় ৷

এই ৰেলীত সহস্ৰাধিক কৰ্মী-সমৰ্থকে অংশ গ্ৰহণ কৰে৷ ইয়াৰ পিছত জয়ছিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহত ৰাজেশ হাঞ্চেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় বৃহৎ জনসভা৷

জনসভাৰ মাজতেই সদৌ কাৰ্বি আংলং গৃহ নিৰ্মাণ আৰু অনান্য শ্ৰমিক সন্থাৰ দিলীপ কিলিং আৰু আচমত আলীৰ নেতৃত্বত ২১ জনকৈ লোকে গেৰুৱা দলটোত যোগদান কৰে৷ আটাইকেইজন নতুন সদস্যাক বিজেপিৰ জিলা সভাপতি ৰতন টেৰণে উষ্ম আদৰণি জনায়। 

আনহাতে বিজেপিৰ জিলা কাৰ্য্যালয়ত প্ৰাৰ্থীত্বৰ আবেদন দাখিল কৰে বৰ্তমানৰ কেইবাগৰাকী ই এম আৰু ন- পুৰণি বহু নিষ্ঠাবান দলীয় কৰ্মীয়ে৷ দক্ষতা আৰু নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰো অংগীকাৰ কৰে জিলা সভাপতি টেৰণে।