ডিজিটেল ৰিপ’ৰ্টঃ এবছৰ আগৰ কথা। জাতি-মাটি-ভেটি শ্লগানে কপাই তুলিছিল অসমৰ আকাশ-বতাহ। জাতি-মাটি-ভেটিৰ কথা কৈ পৰিৱৰ্তনৰ সপোন দেখুৱাইছিল বিজেপিয়ে। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছিল সৰ্বানন্দ সোণোৱালে। বিজেপিৰ আৱেগ উতলাই তোলা শ্লগান শুনি ভোল গৈছিল অসমবাসী। নিজৰ জাতিটোৰ কথা ভাবি, নিজৰ মাটিৰ কথা ভাবি, নিজৰ ভেটিৰ সুৰক্ষাৰ কথা ভাবি আগ-পিছ একো নুগুণি ভোটিং মেছিনত সকলোৱে পদুম ফুলৰ ছবিটোৰ কাষত থকা বুটামত আঙুলি দিছিল।
এনেকৈয়ে বিপুল ভোটত জয়ী হৈ শাসনৰ গাদী দখল কৰে সৰ্বানন্দ সোণোৱালে। শাসনভাৰ লৈয়েই লাহে লাহে উদঙাই দিবলৈ লয় নিজৰ প্ৰকৃত চৰিত্ৰ। এপদ এপদকৈ সকলো সম্পদ দিল্লীক গতাই দিবলৈ কুচ-কাৱাজ আৰম্ভ কৰে সৰ্বা নেতৃত্বাধীন চৰকাৰখনে। তৈলক্ষেত্ৰকে আদি কৰি সকলো ক্ষেত্ৰতে অসমৰ অধিকাৰ কাঢ়ি নি দিল্লীক গতাই দিবলৈ তৎপৰ হৈ পৰে চৰকাৰখনে।