ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজস্থানত৷ বসুন্ধৰা ৰাজে সিন্ধিয়াই ৫ বছৰ কাৰ্যকাল সমাপ্ত কৰিবলৈ মাথো কেইমাহ মান বাকী৷ কংগ্ৰেছৰ অশোক গেহলেটৰ চৰকাৰক বিধ্বস্ত কৰি শাসনলৈ আহিছিল বসুন্ধৰাই৷ বহু আশাৰে ৰাইজে বিজেপিক ভোটদান কৰি শাসনত বহুৱাইছিল বসুন্ধৰাক৷
কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজে যেন বসুন্ধৰাক বিদায় দিব খুজিছে৷ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেলত ধৰাশায়ী হয় বিজেপি দল৷ ৰাজস্থানৰ দুটাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপি দলে পৰাজয়বৰণ কৰাৰ পিছৰে পৰা ৰাজনৈতিক বিশ্লেষক- ৰাইজে বিকল্পৰ সন্ধান কৰিব বুলি চৰ্চা আৰম্ভ হৈছে৷